অসম

assam

বন বিভাগক শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে

ETV Bharat / videos

Dibrugarh: বন বিভাগক শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে; DIG জিৎমল দলে - Assam Police

By

Published : Aug 6, 2023, 9:32 AM IST

ডিব্ৰুগড়, 6 আগষ্ট: ডিব্ৰুগড় জিলাৰ টেঙাখাত উইল্টনস্থিত 19 নং অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় বন সুৰক্ষা কৰ্মীৰ দীক্ষান্ত সমাৰোহৰ সামৰণি অনুষ্ঠান ৷ অসম চৰকাৰে নতুনকৈ গঠন কৰা বন সুৰক্ষা কৰ্মী গোটৰ 181 জনীয়া কেডাৰৰ দুমহীয়া প্ৰশিক্ষণৰ অন্তত দীক্ষান্ত সমাৰোহৰ সামৰণি অনুষ্ঠানত পেৰেডৰ অভিবাদন গ্ৰহণ কৰে ডি আই জি জিৎমল দলেয়ে ৷ 19 নং অসম আৰক্ষী বাহিনীৰ কমাণ্ডেণ্ট গায়ত্ৰী কোঁৱৰৰ তত্বাৱধানত বিভিন্ন বিষয়াৰ উপস্থিতিত কেডাৰ সকলৰ মাষ্ট পাষ্ট অভিবাদন গ্ৰহণ কৰে আৰক্ষী বিষয়া গৰাকীয়ে ।  

অনুষ্ঠানত অংশগ্ৰহণ কৰি DIG জিৎমল দলেয়ে কয়, বৰ্তমান সময়ত প্ৰকৃতিৰ যি ভাৰসাম্যতাৰ সমস্যা সৃষ্টি হৈছে তাক ঘুৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে বন বিভাগ শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে আৰু নিযুক্তি দিয়া হৈছে নতুন বনকৰ্মী । কেৱল এটা নিৰ্দিষ্ট বিভাগক বন সুৰক্ষাৰ দায়িত্ব দিলে সকলো কাম ভাল দৰে চলিব । আনহাতে DIG গৰাকীয়ে সমাগত স্বাধীনতা দিৱস জাতীয় দিৱস হিচাপে সকলোকে শান্তিপূৰ্ণভাৱে পালন কৰিবলৈ আহ্বান জনায় । আৰক্ষীয়ে নিজৰ তৰফৰ পৰা সকলো চেষ্টা কৰিব ইয়াত ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন আছে বুলি কয় বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক:Moran Police: আলফা(স্বা)ৰ নামত ধন দাবীৰ সন্দেহত মৰাণৰ পৰা তিনিজনক আটক

ABOUT THE AUTHOR

...view details