অসম

assam

মোক আগৰ দৰেই আকোৱালি লওক

By

Published : May 2, 2023, 10:44 PM IST

ETV Bharat / videos

Contractor Nirmal More apologies : মোক ক্ষমা কৰক, মোক আগৰ দৰেই আকোৱালি লওক; নিৰ্মল মূড়ে

মৰাণ, 2 মে’ : "মোৰ জন্ম ইয়াতেই, মোৰ দেউতাৰো জন্ম ইয়াতেই ৷ মই নিজকে কেতিয়াও অনা অসমীয়া বুলি নাভাবো ৷ মই যেতিয়া ভুল কৰিছো, মই ভুল স্বীকাৰ কৰিছো ৷ মই অসম জাতীয়তবাদী দলৰ সকলোকে ক্ষমা বিচাৰিছো ৷ মোক ক্ষমা কৰি আগৰ দৰে আকোৱালি লওক ৷ মোক আপোনালোকে ক্ষমা কৰক ৷" অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল মূড়েই (Controversial contractor Nirmal More apologies)।  

উল্লেখযোগ্য যে যোৱা ২৮ এপ্ৰিলত চৰাইদেউত অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী নেতাক চৰ মাৰি বিতৰ্কত সোমাই পৰিছিল ঠিকাদাৰজন (Contractor slams AJYCP leader)। তাৰ প্ৰতিবাদস্বৰূপে ৩০ এপ্ৰিলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঠিকাদাৰজনৰ শিৱসাগৰ বাবুপট্টিৰ বাসভৱন ঘেৰাও কৰিছিল । সেই বাতৰি সংগ্ৰহৰ বাবে যোৱা এগৰাকী সাংবাদিক গুৰুতৰভাৱে আহত হৈছিল নিৰ্মল মূড়েৰ ঘৰৰ পৰা নিক্ষেপ কৰা শিলগুটি মূৰত লাগি । তাৰ প্ৰতিবাদত সাংবাদিক সংস্থাসহ ১৫ টা জাতীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদত উত্তাল হৈ পৰিছিল শিৱসাগৰ ।

ইয়াৰ পিচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নিৰ্মল মূড়েক । এই ঘটনাৰ ভুল স্বীকাৰ কৰি অসমবাসীৰ লগতে অমস জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ ওচৰত ক্ষমা বিচাৰিলে ঠিকাদাৰ মূড়েই । ইফালে ইয়াৰ প্ৰত্যুত্তৰত আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে, কোনো কাৰণতে অসমীয়াৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব । ইয়াৰ যাতে পুনৰাবৃত্তি নঘটে ৷ তাৰ বাবেও সকিয়নী প্ৰদান কৰে আছুৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক:Srinkhal Chaliha got bail: জামিন লাভৰ পাচতে ভুৱা বাতৰি প্ৰকাশ নকৰিবলৈ সকিয়নী শৃংখল চলিহাৰ

ABOUT THE AUTHOR

...view details