অসম

assam

বিমল বড়াৰ সমষ্টিতে ঠিকাদাৰৰ দুৰ্নীতি

ETV Bharat / videos

Broken culverts in Tingkhang: বিমল বড়াৰ সমষ্টিতে ঠিকাদাৰৰ দুৰ্নীতি - বিমল বড়াৰ সমষ্টিতে ঠিকাদাৰৰ দুৰ্নীতি

By

Published : Aug 16, 2023, 5:35 PM IST

মৰাণ,১৫ আগষ্ট:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ আছিল কোনো ঠিকাদাৰে নিম্নমানৰ কাম কৰি পুৰ্বৰ দৰে ধন আত্মসাৎ কৰিব নোৱাৰিব । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত গুৰুত্ব নাই একাংশ ঠিকাদাৰ বিষয়াৰ । খোদ মন্ত্ৰী বিমল বড়াৰ সমষ্টিৰ ঠিকাদাৰে নিম্নমানৰ কাম কৰি লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।  

ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ বহু কোটি টকা ব্যয় কৰি এটা অতি ব্যস্ততাপূৰ্ণ পথ নিৰ্মাণ কৰিছিল ঠিকেই । কিন্তু কিমান উন্নত মাণদণ্ডৰে পথটো নিৰ্মাণ কৰিছিল পথটো দেখিলেই সকলোৱে সহজে অনুমান কৰিব পাৰিব । টিংখাঙৰ লেঙেৰীৰ ৫২ নং B ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ধমন সংযোগী প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱাৰ ওপৰত আছে ৬ টাকৈ কালৰ্ভাট ।  

ইতিমধ্যে ৬ টা কালভাৰ্টৰ ভিতৰত তিনিটা কালৰ্ভাট ভাঙি পথৰ ওপৰত সৃষ্টি হৈছে সুৰঙ্গ । যাৰ বাবে অতি ব্যস্ততাপূৰ্ণ পথটো যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে । তদুপৰি ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছে । স্থানীয় ৰাইজে পথটোৰ ওপৰত সৃষ্টি হোৱা সুৰঙ্গত বাঁহৰ খুটা পুতি দুৰ্ঘটনাৰ পৰা পথচাৰীক সতৰ্ক কৰি থব লগা হৈছে । ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰে পথটো নিৰ্মাণ কৰা বাবেই এনে অৱস্থা সৃষ্টি হোৱা বুলি ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াৰ উচিত তদন্তৰ দাবী কৰিছে ৰাইজে । 

লগতে পঢ়ক:Bullet to Assam Police: NRLৰ তৰফৰ পৰা তিনিচুকীয়া আৰক্ষীক বুলেট প্ৰদান

For All Latest Updates

ABOUT THE AUTHOR

...view details