অসম

assam

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালক সুমিত পালক জেললৈ প্ৰেৰণ

ETV Bharat / videos

Junmoni Rabha death : দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালক সুমিত পালক জেললৈ প্ৰেৰণ - SI Junmoni Rabha mysterious death case

By

Published : May 20, 2023, 10:09 AM IST

কলিয়াবৰ,২০ মে':আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ চিআইডিৰ তদন্ত অব্যাহত আছে (SI Junmoni Rabha mysterious death case)। তাৰ মাজতে দুৰ্ঘটনা সংঘটিত কৰা কণ্টেইনাৰ ট্ৰাকখনৰ চালক সুমিত কুমাৰ পালক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে (Sumit Pal sent to jail)। শুকুৰবাৰে বিয়লি সুমিত কুমাৰ পালক কলিয়াবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে জখলাবন্ধা আৰক্ষীৰ ওচৰত দুৰ্ঘটনা সংঘটিত কৰি আত্মগোপন কৰা UP-78-UT-4518 নম্বৰৰ কণ্টেইনাৰ ট্ৰাকখনৰ চালকে বুধবাৰে আত্মসমৰ্পণ কৰিছিল (Container Truck driver arrested)। প্ৰত‍্যক্ষদৰ্শী প্ৰণৱ দাসে দুৰ্ঘটনা সংঘটিত কৰা চালক সুমিতক জখলাবন্ধা আৰক্ষী নিৱেশত চিনাক্ত কৰাৰ পাছতেই সুমিতক কলিয়াবৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় ।

লগতে পঢ়ক :Junmoni Rabha Accident Case : ট্ৰাক চালক সুমিত কুমাৰক চিআইডিৰ জেৰা

ABOUT THE AUTHOR

...view details