অসম

assam

যোৰহাটৰ নিউভিল ৰোডৰ পাচলি বজাৰত গ্ৰাহকৰ ভিৰ

ETV Bharat / videos

উৰুকাৰ উছাহ: যোৰহাটৰ নিউভিল ৰোডৰ পাচলি বজাৰত গ্ৰাহকৰ ভিৰ - Magh Bihu

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 5:14 PM IST

যোৰহাট, 14 জানুৱাৰী :ভোগালীক আদৰাৰ বাবে ৰাজ্যৰ চৌদিশে ওখল-মাখল পৰৱেশে বিৰাজ কৰিছে ৷ ইফালে পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰসমূহত গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ উৰুকৰা নিশা লগে ভাগে পৰিয়ালৰ সৈতে যাতে এসাঁজ খাব পাৰে তাৰ বাবে নিজৰ পছন্দৰ মাছ- মাংসৰ বাবে বজাৰত গ্ৰহাকৰ ভিৰ বাঢ়িছে ৷ সমান্তৰালকৈ পাচলিৰ বজাৰতো ভিৰ বাঢ়িছে গ্ৰাহকৰ ৷ যোৰহাটৰ নিউভিল ৰোডৰ পথৰ দাঁতিত দেওবাৰে পাচলিৰ বিশেষ এখন বজাৰ বহে ৷ য’ত নিজৰ পছন্দৰ পাচলি ক্ৰয় কৰিবলৈ বজাৰত গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষত হয় ৷

যোৰহাটৰ নিউভিল ৰোডৰ বিশেষ পাচলি বজাৰত উভৈনদী কাঠ আলু আৰু মোৱা আলু আদিকে কৰি বিভিন্ন শাক-পাচলি ৷ ইফালে অন্যান্য বজাৰসমুহৰ তুলনাত নিউভিল ৰোডত বহা বজাৰখনত পাচলিৰ দাম কম বুলি উল্লেখ কৰিলে বিক্ৰেতাই ৷ নিজৰ পছন্দৰ পাচলি কম দামত ক্ৰয় কৰিবলৈ পাই সুখী বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে ক্ৰেতাই ৷

লগতে পঢ়ক :টীয়কৰ কলিয়াপানী বজাৰত ভোগালীৰ উছাহ

ABOUT THE AUTHOR

...view details