Karnataka poll updates: কৰ্ণাটকৰ পৰাই কংগ্ৰেছৰ জয়যাত্রা আৰম্ভ হ'ব; দেৱব্ৰত শইকীয়া - Karnataka election results
গুৱাহাটী, ১৩ মে':‘‘কৰ্ণাটকৰ পৰাই কংগ্ৰেছৰ পুনৰ উত্থান আৰম্ভ হ'ব ।’’ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । শনিবাৰে চলি থকা কৰ্ণাটক নিৰ্বাচনৰ ভোটগণনাত কংগ্ৰেছ দল যথেষ্ট আগুৱাই আছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ সময়তো কৰ্ণাটকৰ পৰাই কংগ্ৰেছৰ পুনৰুত্থান আৰম্ভ হৈছিল । এইবাৰো তাৰেই প্ৰতিফলন ঘটিব বুলি তেওঁ আশা প্ৰকাশ কৰে (Debabrat Saikia on Karnataka poll result)।
কৰ্ণাটকৰ কংগ্ৰেছৰ মুখ্যমন্ত্রী কোন হ'ব বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, সকলোৱে মিলি নিশ্চয় এটা ভাল সিদ্ধান্ত ল'ব । হৰ্চ ট্ৰেডিঙৰ প্ৰসংগত তেওঁ কয় যে, তাৰ প্ৰয়াস কৰিব । অসমতেই ঘোঁৰা ব্যৱসায়ৰ মূল আড্ডা আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে, সেই কথা বহুবাৰ প্ৰমাণ হৈছে । তেওঁ লগতে কয় যে, ৰাজনীতিত ব্যক্তিগত আক্ৰমণ কৰাটো ভাল কথা নহয় । কিন্তু প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীক প্ৰায়ে ব্যক্তিগতভাৱে আক্ৰমণ কৰে । সেইবোৰৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে বিজেপিক দিছে বুলি তেওঁ কৰ্ণাটকৰ নিৰ্বাচনৰ প্ৰসংগৰে কয় (Karnataka poll counting)।
কৰ্ণাটকত বিজেপিয়ে ধন-জন-বলকে ধৰি সকলো কূটকৌশল অৱলম্বন কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, দুই-তিনি মাহ ধৰি দৈনিক ১৮-২০ কোটি টকা খৰচ কৰিছিল বিজেপিয়ে । কিন্তু কৰ্ণাটকৰ জনতাই উচিত প্ৰত্যুত্তৰ দিছে । তেওঁ কৰ্ণাটকৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি কয় যে, বিজেপিৰ সাম্প্ৰদায়িক বিষবাষ্পৰ বিৰুদ্ধে গৈ কৰ্ণাটকৰ ৰাইজে কংগ্ৰেছৰ পক্ষত থিয় দিলে (Karnataka election results)।
লগতে পঢ়ক:Karnataka poll counting: কৰ্ণাটকত কংগ্ৰেছৰ অগ্ৰগতি; কেইবাজনো বাঘা বাঘা গেৰুৱা নেতাৰ পৰাজয়