অসম

assam

প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী যোগেন মহনৰ

ETV Bharat / videos

Lok Sabha poll 2024: যিমানে বাগান চলো কাৰ্যসূচী কৰিলেও একো সুফল নাপায় কংগ্ৰেছে; মন্ত্ৰী যোগেন মহন - কংগ্ৰেছ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:51 AM IST

ডিব্ৰুগড়, 13 অক্টোবৰ : সমাগত লোকসভা নিবাৰ্চনক লৈ সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ । আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইমাহমান বাকী থকাৰ মাজতে সকলো ৰাজনৈতিক দলে সাংগঠনিক কামকাজ শক্তিশালী কৰাৰ বাবে লৈছে বিভিন্ন কাৰ্যসূচী ৷

কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত ১১ টা ৰাজনৈতিক দলে বিৰোধী ঐক্য গঠন কৰি বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চৰ্চা চলি থকাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিক প্ৰতিহত কৰিবলৈ 84 জনীয়া প্ৰাৰম্ভিক প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাক লৈ মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজহ তথা দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে । 

মৰাণৰ খটখটিত অনুষ্ঠিত হৈ থকা আছাৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত জাষ্টিন লাক্ৰা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত উপস্থিত হৈ মন্ত্ৰী যোগেন মহনে কয় যে, ‘দলসমূহে যিমান কুচকাৱাজ চলালেও বিজেপি এতিয়া সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া বিশ্ব গুৰু হ’বলৈ গৈ আছে, যিমানে বাগান চলো কাৰ্যসূচী কৰিলেও একো সুফল নাপায় কংগ্ৰেছে ৷ বিজেপি চৰকাৰে সকলোতে উন্নয়ন কৰিছে গতিকে বিজেপি চৰকাৰেই থাকিব’ ৷ লোকসভা নিৰ্বাচনত ১২ খন আসন দখলত থাকিব বুলিও উল্লেখ কৰে মন্ত্ৰী যোগেন মহনে ।

লগতে পঢ়ক :Bihar train accident: ৰে’ল দুৰ্ঘটনাৰ পাছত বিহাৰ প্ৰশাসনৰ সৈতে যোগাযোগ অসম চৰকাৰৰ: মন্ত্ৰী যোগেন মহন

ABOUT THE AUTHOR

...view details