অসম

assam

BJP চৰকাৰৰ বিৰুদ্ধে জোনাইত তীব্ৰ প্ৰতিবাদ

By

Published : Mar 10, 2023, 8:08 PM IST

ETV Bharat / videos

Protest in Jonai: BJP চৰকাৰৰ বিৰুদ্ধে জোনাইত তীব্ৰ প্ৰতিবাদ

জোনাই ,১০ মাৰ্চ: জোনাইত ব্লক কংগ্ৰেছ কমিটী আৰু ধেমাজি জিলা কংগ্ৰেছ কমিটীয়ে শুকুৰবাৰে জোনাই SBI বেংকৰ সন্মুখত বিজেপি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে(Congress protests against BJP government in Jonai) । 'সব কা সাথ সবকা বিকাশ' শ্লোগান দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু আদানি আৰু বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত আত্মসাৎ কৰা কোটি কোটি জনতাৰ কষ্টোপাৰ্জিত ধন অতি শীঘ্ৰে মোকলাই দিয়াৰ লগতে LIC ষ্টেট বেংকৰ সাধাৰণ গ্ৰাহকক লুট কৰা ধন ঘূৰাই দিয়াৰ দাবী উত্থাপন কৰে(Financial Fraud of Adani Group) ।  

অন্যথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কংগ্ৰেছ কৰ্মীসকলে(Congress protest against Adanis financial Fraud) । শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা এই ধৰ্ণা কাৰ্যসূচীত খালে ঐ খালে বিজেপি চৰকাৰে খালে, নৰেন্দ্ৰ মোদী হায় হায়, নৰেন্দ্ৰ মোদী মিছলীয়া, জনতাৰ জমা ধন ঘূৰাই দিয়ক, বিজেপি চৰকাৰৰ কাম নাই আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । 

লগতে পঢ়ক:Sarania kachari ST status: শৰণীয়া কছাৰীৰ জনজাতিৰ মৰ্যাদা কৰ্তন; বিপদাপন্ন নৱ কুমাৰ শৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত

ABOUT THE AUTHOR

...view details