Congress protest in Majuli: মাজুলীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
মাজুলী,৩০ জুলাই:মাজুলী জিলা কংগ্ৰেছ কমিটী আৰু উজনী মাজুলী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত উজনী মাজুলীৰ জেংৰাইমুখত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় । এই প্ৰতিবাদী কাৰ্যসূচীত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৰোধ কৰিব নোৱাৰা মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্রীৰ পদত্যাগৰ দাবী উত্থাপন কৰে ।
ভাল দিনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি নেতৃত্বাধীন ৰাজ্য় তথা কেন্দ্রীয় চৰকাৰখনে ঔষধৰ পৰা আৰম্ভ কৰি চাউলৰ লগতে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্রীতে অত্যাধিক দাম বৃদ্ধি কৰি সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাত অত্যাচাৰ আৰম্ভ কৰিছে বুলি কয় প্ৰতিবাদকাৰী সকলে । বিজেপিৰ তথাকথিত ভাল দিনৰ ১১০০ টকীয়া চিলিণ্ডাৰতকৈ কংগ্ৰেছৰ ৫০০ টকীয়া চিলিণ্ডাৰৰ দিনটোহে অধিক ভাল আছিল বুলি মন্তব্য কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই কংগ্ৰেছ কৰ্মীসকলে ।
লগতে পঢ়ক:Gang raped in Jorhat : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবেই অপহৰণ কৰি নাবালিকাক দলবদ্ধ ধৰ্ষণ