অসম

assam

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 29, 2023, 7:28 PM IST

ETV Bharat / videos

Congress Protest: মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমগুৰিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

আমগুৰি, ২৯ জুলাই:শিৱসাগৰ জিলাৰ আমগুৰিত মূল্যবৃদ্ধি আৰু অত্যাৱশ্যকীয় সামগ্ৰী ৰন্ধন গেছ, ঔষধ, শিশু খাদ্যৰ ওপৰত GST আৰোপৰ বিৰুদ্ধে কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানত শিৱসাগৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ উপস্থিতিত আমগুৰি নগৰ মণ্ডল আৰু গ্ৰাম্য মণ্ডলৰ কংগ্ৰেছৰ সহযোগত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ অপশাসন আৰু আকাশলংঘী মূল্যৰোধৰ বাবে প্ৰতিবাদকাৰীয়ে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৷ বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, দৰিদ্ৰক শোষণ বন্ধ কৰক শ্লোগানেৰে অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত আমগুৰি নগৰ মণ্ডল আৰু গ্ৰাম্য মণ্ডলৰ কংগ্ৰেছ কমিটিয়ে জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক:Muharram 2023: লখিমপুৰত উলহ মালহেৰে মহৰম উদযাপন

ABOUT THE AUTHOR

...view details