অসম

assam

Congress MP Gaurav Gogoi

ETV Bharat / videos

দলে য’তেই দিয়ে তাতেই নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ - upcoming lok sabha elections

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 5:58 PM IST

ডিব্ৰুগড়, 20 নৱেম্বৰ:লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে সাংগঠনিক কাম-কাজ । কোনো দলে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা নাই যদিও কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈক লৈ ব্যাপক চৰ্চা চলিছে । একাংশই গৌৰৱ গগৈয়ে নগাঁৱৰ পৰা নিৰ্বাচন খেলিব বুলি দাবী কৰিলেও একাংশই নতুনকৈ গঠিত কাজিৰঙাৰ পৰা নিৰ্বাচন খেলিব বুলি দাবী কৰিছে ।  

ইয়াৰ মাজতে সোমবাৰে চৰাইদেউৰ সোণাৰিত উপস্থিত হৈ সাংসদ গৰাকীয়ে কয়, ‘‘মই নগাঁও, গোলাঘাটলৈ গ'লে চৰ্চা চলে মই নগাঁও বা কাজিৰঙা সমষ্টিৰ পৰা নিৰ্বাচন খেলিম বুলি । ক'ৰ পৰা নিৰ্বাচন খেলিম সেই কথা এতিয়াও নিশ্চিত হোৱা নাই ।’’ দলে যি সমষ্টিতে খেলাৰ দায়িত্ব দিয়ে সেই ঠাইতে খেলিব বুলি কয় সাংসদ গৰাকীয়ে ।  

অহা 3 ডিচেম্বৰত পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ দলৰ উত্থানৰ ছবি দাঙি ধৰিব আৰু অসমৰ 14 খন লোকসভা নিৰ্বাচনৰ আসনত কংগ্ৰেছে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলিও কয় সাংসদ গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক:জয়ন্তমল্লক কি প্ৰতুত্তৰ দিলে অজাপৰ লুৰীণজ্যোতি গগৈয়ে ?

ABOUT THE AUTHOR

...view details