CM vigilance raid: পাঁচ হাজাৰ তদাৰকী দল থিয় কৰিলেও ভয় নকৰাৰ হুংকাৰ বিধায়ক কমলাক্ষ্যৰ - সংবাদমেল
Published : Oct 2, 2023, 10:37 PM IST
কৰিমগঞ্জ, 2 অক্টোবৰ : ‘‘মুখ্যমন্ত্ৰীয়ে 5000 চি এম ভিজিলেন্স টীম মোৰ পিছফালে ৰাখিলেও, আমি ভয় কৰা নাই ৷ মুখ্যমন্ত্ৰীয়ে আমাক ভয় খুৱাব নালাগে । আমি একেবাৰে ভয় কৰা নাই ৷’’ কৰিমগঞ্জত হাজিৰ হোৱাৰ পিচত চি এম ভিজিলেন্সৰ তদন্ত সন্দৰ্ভত বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এইদৰে ৷
বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই সোমবাৰে কৰিমগঞ্জ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেল আহ্বান কৰি মুখ্যমন্ত্ৰীৰ ভিজিলেন্স সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ইয়াৰ উপৰিও তেওঁৰ ভাতৃ আৰু ভগ্নীক মুখ্যমন্ত্ৰী ভিজিলেন্সৰ কাৰ্যালয়লৈ মাতি অনা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।
আনহাতে উত্তৰ কৰিমগঞ্জৰ প্ৰমোদনগৰ চাহ বাগিচা ক্ৰয়ৰ সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে, বাগিচাখনৰ পূৰ্বৰ মালিকে বাগিচাখন এৰি যোৱাৰ পিচত বাগিচাখনৰ শ্ৰমিকসকলে অনুৰোধ কৰাৰ পিচত তেওঁ আৰু তেওঁৰ সহযোগীসকলে প্ৰমোদ নগৰ বাগিচাখনৰ দায়িত্ব লয় । ইয়াত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাছিল বুলি উল্লেখ কৰে তেওঁ ।