Karnataka elction 2023 : কৰ্ণাটকৰ ৰাইজে নস্যাৎ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি; বিধায়ক আব্দুল বাতিন খন্দকাৰ - মাণিকপুৰ ৰাজীৱ ভৱনত বিজয় উল্লাস অনুষ্ঠান
বঙাইগাঁও, 14 মে’ : কৰ্ণাটকৰ ফলাফলক লৈ উৎফুল্লিত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাটো শনিবাৰৰ দিনটোত দেখিবলৈ পোৱা গ’ল উৎসৱমুখৰ পৰিৱেশ ৷ জিলাখনৰ কীৰ্ত্তনপাৰা, মানিকপুৰত কংগ্ৰেছী নেতা-কৰ্মীসকলে বিজয় উৎসৱ উদযাপন কৰে ৷ বিজয় উৎসৱ অনুষ্ঠানত অংশগ্ৰহণ কৰে উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰেও (Congress Abdul Batin Khandakar on Karnataka elction 2023)৷
বিধায়কগৰাকীৰ উপস্থিতিত কংগ্ৰেছ কৰ্মীসকলে মাণিকপুৰ ৰাজীৱ ভৱনত কেক কাটি ফটকা ফুটাই, মিঠাই বিতৰণ কৰি বিজয় উৎসৱ পালন কৰে । কৰ্ণাটকৰ ফলাফল সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অনুভৱ ব্যক্ত কৰি বজৰংগবলী অথবা ধৰ্মৰ ৰাজনীতিৰে গাদী ৰক্ষা কৰিব নোৱাৰি বুলি কৰ্ণাটকৰ জনগণে দেখুৱায় দিলে বুলি উল্লেখ কৰে ৷ আনাগত দিনত এই নিৰ্বাচনৰ ফলাফলৰ প্ৰভাৱ অসমত পৰিব বুলি বিধায়ক আব্দুল বাতিন খন্দকাৰে উল্লেখ কৰে (Congress defeat BJP in Karnataka) ৷
লগতে পঢ়ক :Karnataka result 2023 : কৰ্ণাটকৰ পৰাই ব’ব পৰিৱৰ্তনৰ বতাহ; বিধায়ক ছিদ্দিক আহমেদ