Karnataka poll updates: হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা কেইবাখনো আসনত পৰাজয় বৰণ বিজেপিৰ; ৰাণা গোস্বামী
যোৰহাট, 13 মে’:"কৰ্ণাটকত বিজেপিৰ দম্ভ অহংকাৰ পতন হ’ল (Karnataka poll updates)৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণাটকত প্ৰচাৰ চলাবলৈ নোযোৱা হ’লে দুই এখন আসনত বিজেপি জয়ী হোৱাৰ সম্ভাৱনা আছিল ৷ শৰ্মাই নিবাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ পিচতে কৰ্ণাটকত বিজপিৰ জয়ৰ সম্ভৱনা থকা কেইবাখনো আসনত পৰাজয় বৰণ কৰিলে বিজেপিয়ে ৷" বিজেপিক কটাক্ষ কৰি এই মন্তব্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ (Congress Leader Rana Goswami Slams Assam CM )।
শনিবাৰে কৰ্ণাটক নিৰ্বাচনৰ ভোটগণনাত কংগ্ৰেছ দলৰ অগ্ৰগতি পিচতে অসমৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ নেতা তথা কৰ্মকৰ্তা সকলে আনন্দ উল্লাস কৰিছে ৷ যোৰহাট জিলা কংগ্ৰেছ কাৰ্যালয়তো নহয় ইয়াৰ ব্যতিক্ৰম (Congress leaders and workers rejoice) ৷ ৰাজপথত কঁকাল ঘূৰাই বিহু নাচিলে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ জিলা কংগ্ৰেছ কাৰ্যকতাসকলে ৰাজপথৰ মাজত আতচবাজী ফুটাই কংগ্ৰেছৰ জয় হওক, ৰাহুল গান্ধী জিন্দাবাদ ধ্বনি প্ৰদান কৰে।
উল্লেখ্য যে, কণাটক নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। এতিয়া কৰ্ণাটক নিৰ্বাচনে অসম কংগ্ৰেছক দুগুণ উৎসাহ প্ৰদান কৰিছে বুলি সদৰী কৰে ৰাণা গোস্বামীয়ে ৷
লগতে পঢ়ক:Karnataka poll updates: কৰ্ণাটকৰ পৰাই কংগ্ৰেছৰ জয়যাত্রা আৰম্ভ হ'ব; দেৱব্ৰত শইকীয়া