অসম

assam

কংগ্ৰেছৰ বাবেহে প্ৰধানমন্ত্ৰী মোদীয়ে 56 ইঞ্চি বুকু দেখুৱাব পাৰিছে

ETV Bharat / videos

Rajib Lochan Pegu: কংগ্ৰেছৰ বাবেহে প্ৰধানমন্ত্ৰী মোদীয়ে 56 ইঞ্চি বুকু দেখুৱাব পাৰিছে: ৰাজীৱ লোচন পেগু

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 4:45 PM IST

মাজুলী, 15 নৱেম্বৰ :লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তুংগত উঠিছে বাক যুদ্ধ ৷ বিশেষকৈ শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলৰ নেতাসকলৰ মাজত তীব্ৰতৰ হৈ উঠিছে বাক যুদ্ধ ৷ বুধবাৰে মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগু ৷

বৰ্তমানৰ চৰকাৰখন কেৱল মিছাৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে বুলি উল্লেখ কৰি পেগুৱে কয়, ‘‘স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে চিন্তা কৰা হ’লে আজি দিনত নৱ প্ৰজন্মসকল মন্দিৰৰ পূজাৰী বা পাণ্ডা হৈ থাকিলে হেঁতেন ৷ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীসকলেহে দেশৰ নৱ-প্ৰজন্মৰ বাবে চিন্তা কৰি আই আই টি, আই আই এম প্ৰতিষ্ঠা কৰিছিল । মোদী চৰকাৰে কেৱল ৰাম মন্দিৰ, দেৱী মন্দিৰ, দেৱতা মন্দিৰ নিৰ্মাণ কৰিছে ৷ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীসকলে কৰা কামৰ বাবেহে বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে 56 ইঞ্চি বুকু দেখুৱাব পৰা হৈছে ৷’’

লগতে পঢ়ক:Youth Jodo Yatra: যুৱচামৰ বাবেই বিজেপি আহিছিল শাসনলৈ: জুৱেৰ আলম

ABOUT THE AUTHOR

...view details