অসম

assam

জলবোৰ্ডৰ পাইপ ফুটা সন্দৰ্ভত মীৰা বৰঠাকুৰৰ প্ৰতিক্ৰিয়া

ETV Bharat / videos

water explosion in Guwahati : ৰাইজে নিজৰ ব্যৱস্থা নিজেই লওক;মীৰা বৰঠাকুৰ - পাইপ ফুটা সন্দৰ্ভত মীৰা বৰঠাকুৰৰ প্ৰতিক্ৰিয়া

By

Published : Jun 13, 2023, 1:11 PM IST

গুৱাহাটী, 13 জুন : হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মূৰৰ পৰা গেলিছে । এটা বিভাগো ভালদৰে চলাবলৈ সক্ষম হোৱা নাই এইখন চৰকাৰে । সেয়েহে ৰাইজে নিজৰ ব্যৱস্থা নিজেই লওক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে ৷ বৰঠাকুৰে সকলোকে ব্যক্তিগত পানী কিনি চলি থাকিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে চৰকাৰী পানী খাবলৈ হ’লে মৃত্যুমুখত পৰিব লাগিব বুলি কয় ।

ধাৰৰ টকাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহল আৰু গুৱাহাটী পৌৰ নিগমৰ অধ্যক্ষ নাৰায়ণ ডেকাই গুৱাহাটীৰ কৃত্ৰিম বানপানী চাবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰে বুলি শাসকীয় দলটোক তীব্ৰ কটাক্ষ কৰে । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে তেওঁলোকে বানপানী চাবলৈ হেলিকপ্টাৰ ব্যৱহাৰ নকৰে বৰঞ্চ গুৱাহাটীৰ কৰবাত খালি মাটি আছে নেকি সেইটো চাবলৈহে হেলিকপ্টাৰ ব্যৱহাৰ কৰে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

সোমবাৰে গুৱাহাটীৰ কমাৰ্চ পইণ্টত হোৱা জল বিস্ফোৰণৰ স্থান পৰ্যবেক্ষণ কৰি এই মন্তব্য আগবঢ়াই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । পূৱ-গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এলেকাটোত ঘটনা সংঘটিত হোৱাৰ পিচতো স্থানীয় বিধায়কক দেখা নোপোৱাত নেত্ৰীগৰাকীয়ে কয় যে, পূৱ গুৱাহাটীত বিজেপিৰ এগৰাকী বিধায়ক আছে বুলি ৰাইজে পাহৰিছে । একেই প্ৰসংগত বিজেপি দলৰ অন্তঃকন্দল সন্দৰ্ভতো বক্তব্য আগবঢ়ায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, খাৰঘুলি, মালিগাঁৱৰ পিচত সোমবাৰে দিনৰ ভাগত মহানগৰীৰ ৰাজগড় আৰু কমাৰ্চ পইণ্ট সংযোগী পথত জলবোৰ্ডৰ পাইপ ফুটি জলবিস্ফোৰণ সংঘটিত হৈছিল ৷ ফলত জলমগ্ন হৈ পৰিছিল বিস্তীৰ্ণ অঞ্চলটো  ৷ এই ঘটনাত কোনো লোক হতাহত হোৱা নাছিল যদিও আৱাসিক তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি সাধন হয় ।

লগতে পঢ়ক :Broken bamboo bridge : দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ পিচতো কুমাৰ ভেটি ৰাইজে লাভ নকৰিলে দলং

ABOUT THE AUTHOR

...view details