Congress protest against price hike:দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - দৰং জিলা
দৰং, 31 জুলাই : মূল্যবৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ ৰাইজৰ দুখ বুজিব কোনে ? ৰাজ্যত দৈনিক এই মূল্যবৃদ্ধিৰ বিষয় লৈ প্ৰতিবাদ হৈ আছে যদিও কাণসাৰ নাই চৰকাৰৰ ৷ সোমবাৰে দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দৰং কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী । নিতৌ ব্যৱহৃত খাদ্য সামগ্ৰীৰ উপৰিও বিশেষকৈ ঔষধ, ৰন্ধন গেছ, পেট্ৰল, ডিজেলকে ধৰি শিশুৰ খাদ্যৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁলোকে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷
দৰং জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় ৰকিবুল হুছেইনে ৷ প্ৰশাসনৰ অনুমতি অবিহনে মঙলদৈত মাৰণাস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াৰ ওপৰতো মন্তব্য কৰে তেওঁ ৷ বজৰং দলৰ এনে কাণ্ডজ্ঞানহীন জালত কংগ্ৰেছৰ কোনো ব্যক্তিকে জড়িত নহ’বলৈ আহ্বান জনাই তেওঁ ৷ এনেবোৰ কাৰণতে বিজেপিৰ পতন ঘটিব বুলিও উল্লেখ কৰে তেওঁ ৷ কৰ্ণাটকত শান্তিপ্ৰিয় হিন্দুৱে বিজেপিৰ এনে হিংসাত্মক কাণ্ডক প্ৰশ্ৰয় নিদিয়াৰ বাবেই তাত বিজেপিৰ পতন হ’ল বুলি বিজেপি দলক সমালোচনা কৰে তেওঁ ৷
লগতে পঢ়ক :Congress protest: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোচ্ছাৰ কংগ্ৰছ