অসম

assam

প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat / videos

Protest against price hike:মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে মৰাণত কংগ্ৰেছকৰ্মীৰ প্ৰতিবাদ - কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Aug 4, 2023, 7:57 PM IST

মৰাণ, 4 আগষ্ট : ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক । সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীৰ মাজত ।

শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰাণত কংগ্ৰেছকৰ্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মৰাণৰ মাজমজিয়াত মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত নিত্য ব্যৱহৃত খাদ্য সামগ্ৰীৰ উপৰিও ঔষধ, ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেলকে ধৰি শিশু খাদ্যৰ মূল্য বৃদ্ধি আৰু GST আৰোপৰ তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীয়ে । ২ ঘণ্টীয়াকৈ লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ কৰ্মীসকলে শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ।

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, নিৰ্বাচনী পুঁজিৰ নামত বিজেপি চৰকাৰৰ লুণ্ঠন বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মাই হাঁহিছে অসমবাসীয়ে কান্দিছে আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদস্থলীত APCC ৰ সম্পাদকদ্বয় প্ৰাঞ্জল ঘাটোৱাৰ আৰু সুৰুজ দিহিঙীয়া, চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সম্পাদক গকুল গগৈকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :Congress protest in Tezpur: শোণিতপুৰ জিলা দিৱসৰ দিনাই তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details