Congress slams BJP: কিলাকুটি মাৰি মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা: ৰকিবুল হুছেইন - বিধায়ক ৰকিবুল হুছেইন
ৰঙিয়া, 1 মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে তৎপৰতা ৷ লোকসভা সমষ্টিৰ আসন দখলৰ বাবে কি কংগ্ৰেছ, কি বিজেপি সকলোৱে নিজৰ নিজৰ ৰণকৌশলেৰে নামি পৰিছে প্ৰচাৰ অভিযানত ৷ তাৰ মাজতে অব্যাহত আছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ আৰু বোকা ছটিওৱাৰ খেল (Lok Sabha election 2024) ৷
এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰ লক্ষ্য কৰি ল’লে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক ৰকিবুল হুছেইনে ৷ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলকো কঠোৰ সমালোচনা দুয়োগৰাকী কংগ্ৰেছ নেতাৰ ৷ বিধায়ক ৰকিবুল হুছেইনে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে চল-চাতুৰিৰে আগৰ মুখ্যমন্ত্ৰীক শাসনৰ পৰা আঁতৰোৱা বুলি অভিযোগ কৰে ৷ যি জন ব্যক্তিয়ে আমাৰ মুখ্যমন্ত্ৰীক বিজেপিলৈ আনিলে সেই ব্যক্তিজনকে নোহোৱা কৰি দিলে বুলিও মন্তব্য ৰকিবুল হুছেইনৰ (Rakibul Hussain slams Himanta Biswa Sarma) ৷
ইফালে, AIUDFৰ সৈতে মিত্ৰতা সন্দৰ্ভত ৰকিবুল হুছেইনৰ মন্তব্য,‘‘কোনোবাই জোৰজবৰদস্তি বোকোচাত উঠিব খুজিলে নহ’ব ৷’’ উল্লেখ্য যে, লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক লৈ ৰাজনৈতিক মহলত চলি আছে ব্যাপক চৰ্চা ৷ প্ৰদেশ কংগ্ৰেছে AIUDFৰ সৈতে মিত্ৰতা কেতিয়াও নহ’ব বুলি উল্লেখ কৰাৰ বিপৰীতে আজমলে কংগ্ৰেছৰ হাইকামাণ্ডৰ সৈতে আলোচনা কৰি হ’লেও মিত্ৰতা হ’বই বুলি দাবী কৰি আহিছে (Congress AIUDF alliance) ৷
আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য, ‘‘বিজেপিয়ে ৰথ যাত্ৰা আৰম্ভ কৰোঁতে কোনোধৰণৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা আৰু হাথ সে হাথ জোড়ো যাত্ৰা যথেষ্ট সফল হৈছে (Debrata Saikia on BJP)।’’ এআইইউডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা নহয় বুলিও মন্তব্য দেবব্ৰত শইকীয়াৰ । ‘‘ভাৰত জোড়ো যাত্ৰাৰ সময়ত সকলো দলক কংগ্ৰেছে আহ্বান জনাইছিল । কিন্তু সেই সময়ত এআইইউডিএফক আমন্ত্ৰণ জনোৱা হোৱা নাছিল । এয়াই প্ৰমাণ কৰে যে এআইইউডিএফৰ লগত কোনো মিত্ৰতা নাই ৷’’ এই মন্তব্য দেৱব্ৰত শইকীয়াৰ ৷
লগতে পঢ়ক:Congress MLA to join AIUDF: 7 গৰাকী কংগ্ৰেছ বিধায়কে যোগ দিব AIUDF ত: আজমলৰ বাণী