অসম

assam

সদনত কংগ্ৰেছৰ তুলাধুনা সাংসদ মাৰ্ঘেৰিটাৰ

By

Published : Feb 8, 2023, 10:35 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

ETV Bharat / videos

Pabitra Margherita on Upper house: অসমৰ শৌৰ্য-বীৰ্যৰ ইতিহাস বখানি সদনত কংগ্ৰেছক তুলাধুনা সাংসদ মাৰ্ঘেৰিটাৰ

গুৱাহাটী, 8 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতিৰ অভিভাষণক আদৰণি জনাই বুধবাৰে ৰাজ্যসভাত অসমৰ বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita on Upper house) । সংসদত অসম তথা উত্তৰ-পূবৰ শৌৰ্য-বীৰ্য আৰু গৰিমামণ্ডিত ইতিহাসৰ বিষয়ে বলিষ্ঠভাৱে উত্থাপন কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ লগতে কংগ্ৰেছ দলে উত্তৰ-পূৱক কৰা উপেক্ষাৰ বাবে যুক্তি আৰু তথ্যৰে তুলাধুনা দিয়ে (Pabitra Margherita slams Congress) ।

সাংসদগৰাকীয়ে ভাষণৰ আৰম্ভণিতে স্বাধীনতা আন্দোলনত ৰাষ্ট্ৰৰ হকে আত্মবলিদান দিয়া অসম তথা উত্তৰ-পূবৰ কেইবাগৰাকীও দেশপ্ৰেমীক যুঁজাৰুৰ কথা উল্লেখ কৰি কয় যে কেৱল এয়াই নহয়, নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰাৰ লগতে সমগ্ৰ উত্তৰ-ভাৰতক নিজৰ হাতৰ মুঠিলৈ লৈ যোৱা আক্ৰমণকাৰী বখতিয়াৰ খিলজীকো কামৰূপৰ প্ৰতাপী ৰজা মহাৰাজ পৃথুৱে পৰাজিত কৰিছিল (Maharaj Prithu of North East)।

তেওঁ পুনৰ উল্লেখ কৰে যে, মোগলক আহোম সেনাই 17 বাৰকৈ পৰাস্ত কৰিছিল (Ahom beats Mughals 17 times)। সাংসদ মাৰ্ঘেৰিটাই ৰাষ্ট্ৰপতিৰ অভিভাষণৰ আদৰণিসূচক বক্তব্যত লগতে কয় যে, 200 ৰো অধিক জাতি-জনজাতি আৰু 220  টাৰো অধিক ভাষা-উপভাষাৰ প্ৰচলন আছে উত্তৰ-পূৱ ভাৰতত ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে আদি কৰি ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকা, আৰ ডি বৰ্মন, এছ ডি বৰ্মন, ৰতন থিয়ামলৈকে মহীৰূহ আছে উত্তৰ-পূৱত ৷ তাৰোপৰি মেৰীকমৰ পৰা আৰম্ভ কৰি হিমা দাস, লাভলীনা, মীৰাবাই চানুলৈকে কলা, সংস্কৃতি, ক্ৰীড়া আদি জগতৰ অলেখ উজ্বল নক্ষত্ৰৰ জন্মভূমি উত্তৰ-পূৰ্বাঞ্চল । তামিলৰ পাচতে মহাকাব্য ৰামায়ণ 14 শতিকাতে অসমীয়া ভাষালৈ অনূদিত হৈছিল ৷  অসমীয়া ভাষাত হেমকোষ নামেৰে ব্ৰেইলী অভিধানো আছে (Pabitra Margherita speech on Rajyasabha) ।

লগতে পঢ়ক:MP Ajit Bhuyan on upper house: উত্তৰ-পূৱৰ প্ৰতি কেন্দ্ৰৰ মনোভাৱক লৈ উচ্চ সদনত প্ৰশ্ন সাংসদ ভূঞাৰ

সাংসদগৰাকীয়ে লগতে কয় যে, দেশৰ 50 শতাংশ চাহ কেৱল অসমত উৎপাদন হয় ৷ এছিয়াৰ প্ৰথম তেল শোধানাগাৰ অসমৰ ডিগবৈত অৱস্থিত (First Oil refinery of Asia)। এনে শৌৰ্য-বীৰ্য আৰু গৰিমাৰে মহীয়ান হৈও স্বৰাজোত্তৰ কালত অসম তথা উত্তৰ-পূৱ কিয় সদায় বঞ্চিত আৰু শোষিত হৈ আছিল ? কাৰ দোষত জন্ম হৈছিল বিভিন্ন বিদ্ৰোহী সংগঠনৰ ? সেই সুদীৰ্ঘ সময়ত দেশত কাৰ শাসন আছিল ? দীৰ্ঘদিন ধৰি উত্তৰ-পূৱ সকলো দিশতে বঞ্চিত আৰু উপেক্ষিত হৈ আছিল (Insurgency in North East India) ।

কিছু বছৰ আগলৈকে উত্তৰ-পূৱ বুলিলে কেৱল সন্ত্ৰাসবাদ, আন্দোলন, হৰতাল আৰু মৃত্যুৰ খবৰেই ভৰি আছিল । কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰ শাসনাধিষ্ঠ হোৱাৰ পিচত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূবৰ আন ৰাজ্যকেইখনৰো পৰিৱেশ সলনি হ'ল । এতিয়া উত্তৰ-পূৱ দেশৰ আন ৰাজ্যসমূহৰ সৈতে সমগতিত বিকাশ আৰু উন্নয়নৰ যাত্ৰাত ধাৱমান হৈছে । বৰ্তমান উত্তৰ-পূৱত টেৰ'ৰিজমৰ সলনি টুৰিজিম বৃদ্ধি হৈছে । নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৱৰ ৯৫ শতাংশ উগ্ৰবাদী সংগঠনৰ সদস্য ইতিমধ্যে শান্তিচুক্তিৰ জড়িয়তে মূলসূঁতিলৈ উভতি আহি ৰাষ্ট্ৰদ্ৰোহৰ পৰিৱৰ্তে ৰাষ্ট্ৰনিৰ্মাণৰ সহযোগী হৈছে ।

ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে কংগ্ৰেছক আক্ৰমণ কৰিবলৈ গৈ উল্লেখ কৰে যে, অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ গৈ এজন ব্যক্তিয়ে দেশৰ এখন সৰ্বোচ্চ আসনতো 10 বছৰ অধিস্থিত হৈছিল । কিন্তু সেই ব্যক্তিজনে নিজৰ শাসনকালত মাত্ৰ 8 বাৰহে অসমলৈ গৈছিল । তাৰ পৰিৱৰ্তে অসম তথা উত্তৰ পূৱৰ জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধা জনাই নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 9 বছৰ শাসনকালতে এতিয়ালৈ 50 বাৰৰো অধিক উত্তৰ-পূৱ ভ্ৰমণ কৰিছে ।

তদুপৰি ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে দেশজুৰি ৰূপায়ণ কৰা "ভাৰত জোড়ো যাত্ৰা" কাৰ্যসূচীক কটাক্ষ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই ৷ সাংসদগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা শেহতীয়া টুইটৰ উদ্ধৃতি দি কয় যে, ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষৰ মানচিত্ৰখনক সদায়েই কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু গুজৰাটৰ পৰা পশ্চিম বংগলৈ বুলিয়ে স্বীকৃতি দি আহিছে (Pabitra Margherita slams Rahul Gandhi) । কংগ্ৰেছে পাহৰি যায় যে, বংগৰ পিচতো ভাৰতবৰ্ষৰ মানচিত্ৰত উত্তৰ-পূবৰ আৰু আঠখন ৰাজ্য আছে ।

লগতে পঢ়ক:Minority voters in Assam: অসমৰ বহু সমষ্টিত অস্বাভাৱিক হাৰত বৃদ্ধি সংখ্যালঘু ভোটাৰৰ হাৰ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details