অসম

assam

Bajrang Dal Arms Training

By

Published : Aug 1, 2023, 7:44 PM IST

ETV Bharat / videos

Bajrang Dal Arms Training: বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ মূল অভিযুক্ত অভিজিৎ ঘোষক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী, 1 আগষ্ট: মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভত শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা জ্যেষ্ঠ সাংবাদিক বেদব্ৰত বৰাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত বেদব্ৰত বৰাই কয়, ‘‘মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ অনুমতি লৈছিল নেকি ৷ যদি লৈছিল, এই অনুমতি কেনেদৰে পালে ?’’

তেওঁ আৰু কয়, ‘‘আৰক্ষীয়ে বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ দিয়া মহৰ্ষি বিদ্যা মন্দিৰৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে ৷ কিন্তু অস্ত্ৰ প্ৰশিক্ষণ দিয়া মূল দোষীক গ্ৰেপ্তাৰ কৰা নাই । এই ঘটনাৰ মূল অভিযুক্ত অভিজিৎ ঘোষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সাহস দেখুৱাব পৰা নাই ।’’

সংবাদমেলত বেদব্ৰত বৰাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উভতি ধৰি কয় যে মন্ত্ৰীজনে বিষয়টো ন্যায্যতা প্ৰদান কৰি আইন অমান্য কৰিছে । মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত ব্যৱস্থা লোৱাৰ বাবে তেওঁ দাবী জনায় । বিদ্যালয় বন্ধৰ সময়ত কোনো সভা-সমিতি অনুষ্ঠিত নহ’ব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰাৰ পিচত এই ধৰণৰ প্ৰশিক্ষণ কেনেদৰে হ’ব পাৰিলে বুলি তেওঁ প্ৰশ্ন কৰে ।  এনেধৰণৰ কাম কাজৰ দ্বাৰা অসমক মণিপুৰৰ দৰে পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে নেকি বুলি বৰাই প্ৰশ্ন কৰে । 

লগতে পঢ়ক:Assam Six Tribe: লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ‌ স্বীকৃতি প্ৰদান কৰাৰ দাবী কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details