অসম

assam

ভাৰতীয় ৰে’লে অসমক বঞ্চনা কৰাৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat / videos

অসমত ১৫ খন স্থানীয় ৰে’ল বন্ধ কৰিছে বিজেপি চৰকাৰে : কংগ্ৰেছ - গুৱাহাটীলৈ অহা ইন্টাৰচিটি এক্সপ্ৰেছ

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 4:53 PM IST

গুৱাহাটী, ৫ ডিচেম্বৰ : ভাৰতীয় ৰে’লে অসমক বঞ্চনা কৰাৰ অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতা ৰাতুল কলিতাই । গুৱাহাটীত মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত এই অভিযোগ কৰি কলিতাই কয় যে ভাৰতীয় ৰে’লৱে অসমত চলাচল কৰা ১৫ খন যাত্ৰীবাহী ৰে’ল‌ বন্ধ কৰি থৈছে ।‌ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ২৩ খন যাত্ৰীবাহী ৰে’ল বন্ধ কৰা হৈছে । তাৰ ভিতৰত ১৫ খনেই অসমৰ ।

তেওঁ কয় যে ইয়াৰ ফলত ৰে’লত সদায় অহা-যোৱা কৰা নামনি অসমৰ ২ লাখ ৩০ হাজাৰ লোক বঞ্চিত হৈছে । তেওঁ আৰু কয় যে নিউ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ অহা ইন্টাৰচিটি এক্সপ্ৰেছৰ ১০ টা ষ্টপেজ বন্ধ কৰিছে । ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছৰ ষ্টপেজ এতিয়ালৈকে দিয়া নাই । যাৰ বাবে যাত্ৰীসকল গুৱাহাটীলৈ আহি ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰিব লাগে ।

তেওঁ কয় যে ভাৰতীয় ৰে’লে গৰীৱ ৰথ বন্ধ কৰিছে ।‌ তাৰ বিপৰীতে স্পেচিয়েল ৰে’লৰ‌ ব্যৱস্থা দুগুন বৃদ্ধি কৰিছে । ৰে’লত জ্যেষ্ঠ নাগৰিকৰ ৰেহাই বন্ধ কৰিছে । ইয়াৰ বাবে কিন্তু ৰে’ল বিভাগে ৰাজহুৱা বিজ্ঞাপন দিয়া নাই । কলিতাই অভিযোগ কৰি কয় যে বিজেপি চৰকাৰে কেন্দ্ৰত গাদী দখল‌ কৰাৰ পিচৰে পৰা ৰে’ল বিভাগে অসমক বঞ্চনা কৰি আহিছে ।

লগতে পঢ়ক :বিৰোধী ঐক্য শক্তিশালী হ'লেহে লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটো সম্ভৱ : লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details