Congress against Delimitation:মুখ্যমন্ত্ৰীক বিভাজনমুখী ৰাজনীতি নকৰিবলৈ অনুৰোধ বিধায়কৰ - AGP
কৰিমগঞ্জ,26জুন:নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা প্ৰকাশৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে ৷
সোমবাৰে কৰিমগঞ্জ জিলা কংগ্ৰেছে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অংশ ললে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু জিলা কংগ্ৰেছৰ সভাপতি ৰজত চক্ৰৱৰ্তীকে আদি কৰি কংগ্ৰেছ কৰ্মীয়ে ৷
‘‘শেষ টোপাল তেজ থকালৈকে সংগ্ৰাম কৰি যাম ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰা আমি বিৰোধিতা কৰি যাম ৷ খিলঞ্জীয়া লোকক সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে কিয় বৰাকত থকা খিলঞ্জীয়া লোকৰ কথা ভবা নাই ! বৈষ্যমৰ নীতি লৈছে মুখ্যমন্ত্ৰীয়ে ৷ বদৰপুৰ সমষ্টিৰ পৰা বিধায়ক হৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল প্ৰয়াত বিমলা প্ৰসাদ চলিহা ৷ কিন্তু সেই বৰাকক আজি বঞ্চিত কৰিছে ৷ হিন্দু-মুছলমানৰ বিভাজনমুখী ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ’’ এই মন্তব্য কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ ৷
লগতে পঢ়ক:MP Woman to give land to PM Modi : মধ্যপ্ৰদেশৰ শতবছৰীয়া মহিলাই প্ৰধানমন্ত্ৰীক দিব ২৫ বিঘা ভূমি