Coal syndicate in Assam : সোণাৰিৰ নিমনাগড়ত কয়লা ব্যৱসায়ক লৈ সংঘাত, আহত 1 - কয়লাৰ ছিণ্ডিকেটৰাজ
ডিব্ৰুগড়, 6 মাৰ্চ : বৰ্তমানো ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত আছে কয়লাৰ ছিণ্ডিকেটৰাজ (Coal syndicate in Assam) । শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী বিভিন্ন স্থানত কয়লাৰ অবাধ চিণ্ডিকেট অব্যাহত থকাৰ মাজতে চৰাইদেউৰ নিমনাগড়ত কয়লা ব্যৱসায়ক লৈ অব্যাহত আছে সংঘাত ।
দেওবাৰে নিশা সোণাৰিৰ নিমনাগড়ত কয়লা ব্যৱসায়ীৰ সংঘাতে ল’লে ভয়ংকৰ ৰূপ । ব্যৱসায়ীৰ সংঘাতৰ বাবেই মালব্য ৰাজকোঁৱৰ নামৰ এজন যুৱকক খুকুৰিৰে আক্ৰমণ (Conflict over Coal syndicate in Charaideo) । চৰাইদেউ জিলাৰ এঙেৰাৰ সুৰয বৰগোঁহাই নামৰ যুৱকজনে আন এজন যুৱকক উপৰ্যুপৰি খুকুৰিৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে ।
সুৰয বৰগোঁহাইৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে মালব্য ৰাজকোঁৱৰ নামৰ ব্যক্তিজন । অতি সংকটজনক অৱস্থাত আহত মালব্যক চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশাই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ।
ভুক্তভোগী ব্যৱসায়ীজনে উল্লেখ কৰা অনুসৰি, দেওবাৰে নিশা ব্যৱসায়ৰ কথা আলোচনা কৰিবলৈ ঘৰৰ পৰা সুৰয বৰগোঁহাইয়ে মাতি আনিছিল মালব্যক ৰাজকোঁৱৰক । ইয়াৰ পাচতেই দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় । পৰৱৰ্তী পৰ্যায়ত মালব্য ৰাজকোঁৱৰক দলবদ্ধ আক্ৰমণ কৰে ৷ ফলত গুৰুতৰভাৱে মালব্য ৰাজকোঁৱৰ আহত হয় ।
এই ঘটনাই চৰাইদেউ জিলাখনতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে কয়লাৰ ক’লা ব্যৱসায় চলি থকা এখন ছবিও উদঙাই দিছে ।
লগতে পঢ়ক :Huge Quantity of Drugs seized: প্ৰায় 20 কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পিতা পুত্ৰ