Police and people conflict: জুৱাৰীক আটক কৰিবলৈ গৈ কোনোমতে প্ৰাণৰক্ষা পৰিল আৰক্ষীৰ - জুৱাৰীক আটক কৰিবলৈ গৈ ৰাইজৰ ৰোষত আৰক্ষী
মেৰাপানী, 8 জুলাই : মেৰাপানীত তীৰ খেলৰ জুৱাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা । তীৰ খেলৰ জুৱাৰীক আটক কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল খোদ আৰক্ষী । মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত কাছমাৰীত সংঘটিত হৈছে এই ঘটনা । উল্লেখ্য যে, এক গোপন খবৰৰ ভিত্তিত কাছমাৰী বজাৰ অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা তীৰ খেলৰ জুৱাৰীক আটক কৰিবলৈ অভিযান চলাই আহিছিল গোলাঘাট, জামুগুৰি আৰু মেৰাপানী আৰক্ষীয়ে ।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় একাংশ লোকে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলায় । শ শ উত্তেজিত ৰাইজে আৰক্ষীৰ গাড়ীলৈ শিলাবৰ্ষণ কৰাৰ লগতে আৰক্ষীৰ মাৰপিট কৰাৰো চেষ্টা চলায় বুলি জানিবলৈ পৰা গৈছে । লক্ষণীয়ভাৱে আৰক্ষী দলটোৰ কেইজনমান জোৱানে প্ৰাণ ভিক্ষা মাগি কোনোমতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ পৰা গৈছে ।
তাৎপৰ্যপূৰ্ণ বিষয় যে, আৰক্ষীয়ে অভিযানত দুজনকৈ তীৰ খেলৰ জুৱাৰীক আটক কৰাৰ পাছতো ৰাইজৰ ৰোষত পৰাৰ পিচত দুই জুৱাৰীক এৰি দিবলৈ বাধ্য হয় ।
লগতে পঢ়ক :WB Panchayat Elections 2023 : পশ্চিমবংগত ভোটদানৰ মাজত অব্যাহত আছে নিৰ্বাচনী হিংসা: ৫ জনৰ মৃত্যু