অসম

assam

চোৰাংভাৱে অনা কণ্ডেন্সেট তেলসহ এজনক আটক

ETV Bharat / videos

Condensate oil seized : চোৰাংভাৱে অনা কণ্ডেন্সেট তেলসহ এজনক আটক - Condensate oil seized at Tingkhang

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:11 AM IST

মৰাণ, 18 অক্টোবৰ : টিংখাঙত চোৰাংভাৱে অনা বুজন পৰিমাণৰ কণ্ডেন্সেট তেলসহ এজনক আটক কৰা হয় ৷ ৰাজ্যখনত চলি থকা অবৈধ চোৰাং তেল সৰবৰাহ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকা মাজতেই মঙলবাৰে বিয়লি টিংখাঙত চোৰাংভাৱে অনা বুজন পৰিমাণৰ কণ্ডেন্সেট তেলখিনি জব্দ কৰিবলৈ সক্ষম হয় ।

প্ৰাপ্ত বিৱৰণ অনুসৰি, টিংখাং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি টিংখাঙৰ 2 নং শালমাৰী গাঁৱৰ এজন ব্যক্তিৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত প্ৰায় 2200 লিটাৰ কণ্ডেন্সেট তেল জব্দ কৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিতোপন ফুকন নামৰ এজন ব্যক্তিক আটক কৰাৰ লগতে AS06AC7824 নম্বৰৰ এখন XENON DI বাহন আৰু AS06V3139 নম্বৰৰ এখন ROYAL ENFIELD বাইক জব্দ কৰিবলৈ সক্ষম হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক:Terror alert in Brussels : সন্ত্ৰাসবাদীৰ আশংকাত বন্ধ কৰিবলগীয়া হ’ল ৰোমাঞ্চকৰ ফুটবল মেচ

ABOUT THE AUTHOR

...view details