Computer teachers protest : কেবিনেটৰ সিদ্ধান্তৰ পিছতো নিয়মীয়া নহ’ল কম্পিউটাৰ শিক্ষকৰ চাকৰি, ক’লা বেজ পিন্ধি প্ৰতিবাদ - কেবিনেটৰ সিদ্ধান্ত
Published : Oct 9, 2023, 5:18 PM IST
গুৱাহাটী, ৯ অক্টোবৰ : অসম চৰকাৰৰ অধীনত নিযুক্তিপ্ৰাপ্ত 'ICT Instructor' সকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ উদ্যোগত ,সোমবাৰে চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা ধর্ণা কাৰ্যসূচীৰ প্ৰথম দিনা ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী শিক্ষকসকলে তেওঁলোকৰ চাকৰি সমূহ নিয়মীয়াকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনায় ৷
উল্লেখ্য যে, ২০০৪ চনৰ 'ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা অভিযান' আঁচনিৰ অধীনত ৰাজ্যত ১,৩৪৬ জন কম্পিউটাৰ শিক্ষকক নিযুক্তি দিয়া হৈছিল ৷ ২০১৭ চনত বিধানসভাত এইসকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ’ব বুলি কেবিনেটত সিদ্ধান্ত লোৱাৰ পিচতো আজিলৈকে কিন্তু চাকৰি নিয়মীয়া নকৰাত ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷ সেয়েহে বিনাচৰ্তে এই সকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনায় প্ৰতিবাদী শিক্ষকসকলে ৷
লগতে পঢ়ক :HSLC 2024: ঘোষণা হ'ল ২০২৩-২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী