অসম

assam

শ্ৰী শ্ৰী মায়ামৰা টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰত শৰণ লোৱা পৰ্ব সম্পন্ন

ETV Bharat / videos

Community rituals in Tinsukia: শ্ৰী শ্ৰী মায়ামৰা টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰত শৰণ লোৱা পৰ্ব সম্পন্ন - Community rituals in Tinsukia

By

Published : May 20, 2023, 9:27 PM IST

তিনিচুকীয়া, 20 মে’: উজনি অসমৰ আটাইতকৈ পুৰণি সত্ৰ তিনিচুকীয়া কৰদৈগুৰিৰ শ্ৰী শ্ৰী মায়ামৰা টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰত নৰসিংহভূজ গুৰুজনাৰ শ্ৰীচৰণত শৰণ লোৱা পৰ্ব সুকলমে সম্পন্ন হয় (Community rituals perform)৷ শ্ৰী শ্ৰী মায়ামৰা টিপুক শিমলুগুৰি বজ্ৰপুৰ সত্ৰত 43 খন গাঁৱৰ শিষ্য আছে ৷ ইতিমধ্যে ওঠৰকুৰিথলৰ 14 খন গাঁৱৰ 418 গৰাকী ন-শৰণীয়াই মাংগলিক নীতি-নিয়মেৰে কৃপাদান অৰ্থাৎ শৰণ গ্ৰহণ কৰে (Sri Sri Mayamara Tipuk Shimluguri Vajrapur Satra)৷ 

এই শৰণ লোৱা পৰ্বত ন-শৰণীয়াসকলৰ লগতে সহযোগী, শুভাকাংক্ষী, ভকতবৃন্দকে আদি কৰি পাঁচ সহশ্ৰাধিক ভক্তৰ আগমন ঘটে (Community rituals in Tinsukia) ৷ এই শৰণ লোৱা পৰ্বত ভকত বৃন্দই সম্পূৰ্ণ নীতি-নিয়ম আৰু মাংগলিকভাৱে নাম লোৱা পৰ্বও আয়োজন কৰিছে ৷ ইয়াৰ পিচতে কাইলৈ অৰ্থাৎ 21 মে’ত ইয়াতকৈও অধিক ওঠৰকুৰি থলৰ বাহিৰৰ শিষ্যই আহি শৰণ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সত্ৰাধিকাৰগৰাকীয়ে ৷

লগতে পঢ়ক:GP Singh PC: ৩০ দিনৰ ভিতৰত নকল সোণৰ ঘাটি উৎখাত কৰাৰ আশ্বাস আৰক্ষী সঞ্চালক প্ৰধানৰ

ABOUT THE AUTHOR

...view details