অসম

assam

সমূহীয়া মৎস ধৰা উৎসৱ

ETV Bharat / videos

community fishing: সমূহীয়া মৎস্য চিকাৰৰ দৃষ্টিনন্দন দৃশ্য - সমূহীয়া মৎস চিকাৰ উৎসৱ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 1:39 PM IST

চিৰাং, 14 নৱেম্বৰ:  চিৰাঙৰ বৈখুনগাঁৱৰ কুজীয়া নৈত সমূহীয়া মৎস্য ধৰা উৎসৱ । কুজীয়া নৈত থকা জলসিঞ্চন বিভাগৰ শ্লুইচ গেটখন বছৰৰ এদিন এইদৰে খুলি দিয়ে ৷  সেই সময়তে চুবুৰীয়া কেবাখনো গাঁৱৰ লোকসকল জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ওলাই আহে এই সমূহীয়া মৎস্য চিকাৰ উৎসৱলৈ ।

মঙলবাৰে কুজীয়া নৈত সমূহীয়াকৈ মাছ মাৰিবলৈ ওলাই আহিল হেজাৰ হেজাৰ পুৰুষ-মহিলা, ডেকা-গাভৰু । কিছুমানে জাল মাৰি, আকৌ আন কিছুমানে জাকৈ-খালৈ লৈ মাছ ধৰি মনৰ আনন্দ উপভোগ কৰে ৷ বহুতে আকৌ হাতেৰেও মাছ ধৰি উৎফুল্লিত হৈ পৰে ৷ মুঠতে বছৰৰ এটা দিন এইদৰে সকলোৱে মাছ ধৰাৰ আনন্দ উপভোগ কৰে চিৰাঙৰ বৈখুনগাঁৱৰ কুজীয়া নৈত ।

প্ৰতিবছৰে দেওবাৰৰ দিনটোত এই সমূহীয়া মাছ ধৰা কাৰ্য হয় যদিও এইবাৰ হঠাতেই মঙলবাৰে শ্লুইচ গেটখন খুলি দিয়ে জলসিঞ্চন বিভাগে ৷ ফলত কিছু পৰিমাণে মানুহ কম হৈছে যদিও মাছ কিন্তু কম বেছি পৰিমাণে সকলোৱে ধৰিছে । এক উৎসৱ মুখৰ পৰিৱেশত মাছ ধৰাৰ আনন্দই বেলেগ ।

লগতে পঢ়ক :Community Fishing: বৰদোলা বিলত জাল জাকৈ পল লৈ সমূহীয়া মৎস চিকাৰ

ABOUT THE AUTHOR

...view details