অসম

assam

Dhemaji college girl missing: ধেমাজিত কলেজীয়া ছাত্ৰী সন্ধানহীন

By

Published : Aug 10, 2023, 5:53 PM IST

ধেমাজিত কলেজীয়া ছাত্ৰী সন্ধানহীন

ধেমাজি, 10 আগষ্ট : ধেমাজি জিলাৰ চিচিবৰগাঁৱত অঘটন ৷ ধেমাজিৰ চিচিবৰগাঁৱৰ আৰক্ষী চকীৰ অধীনৰ লালুং তিনিআলিৰ জনৈক বৰা নামৰ লোকজনৰ বাসগৃহৰ পৰা সন্ধানহীন হৈ আছে এগৰাকী স্নাতক প্ৰথম বৰ্ষত অধ্যয়ন কৰা এগৰাকী কলেজীয়া যুৱতী ৷ লালুং তিনিআলিৰ মোমায়েক জনৈক বৰাৰ বাসগৃহত থাকি পঢ়া-শুনা কৰা যুৱতীগৰাকীয়ে ঘৰত কোনো নথকা অৱস্থাত যোৱা ৮ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ থকাৰ পিচতে পৰিয়ালৰ মাজত হাঁহাকাৰ লাগিছে ৷ ইতিমধ্যে পৰিয়ালৰ লোকে চিচিবৰগাওঁ আৰক্ষীক এজাহাৰ দাখিল কৰিছে  ৷ 

কিন্তু ইয়াৰ পিচতে কোনো খবৰ নোপোৱাত উপায়ন্তৰ হৈ বৃহস্পতিবাৰে ধেমাজি সদৰ প্ৰেছ ক্লাবত উপস্থিত হৈ সহায় বিচাৰে মোমায়েকে  ৷ কোনো সদাশয় লোকে যুৱতীগৰাকীৰ সন্ধান লাভ কৰিলে 8011959760 আৰু 600311938 নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ কাতৰে আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:Nitesh Kumar Murder; ‘‘মোৰ ল’ৰাই অকলে এই কাম কৰিব নোৱাৰে’’; অভিযুক্ত অভিষেকৰ মাতৃ

ABOUT THE AUTHOR

...view details