অসম

assam

জানুৱাৰীৰ পৰা গ্ৰাহকক চাউল বিতৰণ বন্ধ কৰিব সুলভ মূল্যৰ ব্যৱসায়ীয়ে

ETV Bharat / videos

জানুৱাৰীৰ পৰা গ্ৰাহকক চাউল বিতৰণ বন্ধ কৰিব সুলভ মূল্যৰ ব্যৱসায়ীয়ে - Co operative Traders to stop distribution of rice

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 5:56 PM IST

বৰপেটা,১৪ডিচেম্বৰ:বৃহস্পতিবাৰে বৰপেটা মটৰ শ্রমিক ইউনিয়নৰ কাৰ্যালয়ত বৰপেটা জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ বিপুল চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাতে বৰপেটা জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ নতুন এখন কমিটি গঠন কৰা হয় ৷  

সুলভ মূল্যৰ ব্যৱসায়ীসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও আজিলৈকে ভাৰত চৰকাৰ বা অসম চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়েহে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলা সূলভ মূল্যৰ ব্যৱসায়ী সন্থায়ো অহা জানুৱাৰী মাহৰ পৰা গ্ৰাহকক চাউল বিতৰণ কৰা বন্ধ কৰিব বুলি সাধাৰণ সভাত সিদ্ধান্ত গ্ৰহণ কৰে ৷ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই এইক্ষেত্ৰত গ্ৰাহকসকলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:দীপাংক নাথে বিজেপিত যোগদান কৰিলে অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতক বুলি পৰিচয় পাব : দুলু আহমেদ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details