CM visits convocation:অসম আৰক্ষীক খালী পদ নথকা বিভাগলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য:মুখ্যমন্ত্ৰী
Published : Sep 28, 2023, 3:11 PM IST
যোৰহাট, 28 ছেপ্টেম্বৰ :দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীৰ পেৰেড গ্ৰাউণ্ডত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল বৃহৎ দীক্ষান্ত সমাৰোহ । দীক্ষান্ত সমাৰোহত বিশেষভাৱে অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
এই দীক্ষান্ত সমাৰোহত ১৮১৭ গৰাকী নৱ-নিযুক্ত আৰক্ষী কনিষ্টবলে অংশগ্ৰহণ কৰে । আজিৰে পৰা আনুষ্ঠানিকভাৱে নিযুক্ত হ’ল অসম আৰক্ষীত । সুদীৰ্ঘ দহ মাহৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰশিক্ষণৰ অন্তত অসম আৰক্ষীৰ ১১৮ বেটছৰ এ.বি আৰু ১৭৯ বেটছৰ ইউ.বিৰ নৱ-নিযুক্তি কনিষ্টবলৰ পাছিং আউট পেৰেডৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় ৷ এই সমাৰোহৰ পাচতেই প্ৰতিগৰাকী আৰক্ষী জোৱান এগৰাকী সম্পূৰ্ণ আৰক্ষী হিচাপে পৰিগণিত হ’ব ৷
দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসম আৰক্ষীত পুনৰ ৫০০০ পদৰ বাবে অক্টোবৰ প্ৰথম সপ্তাহত বিজ্ঞাপন প্ৰকাশ কৰা হ’ব ৷ খালী পদ নথকা বিভাগৰূপে পৰিণত কৰাৰ লক্ষ্যৰ কথাও দোহাৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে কংগ্ৰেছৰ লগতে বিভিন্ন ৰাজনৈতিক দলে বাগানে বাগানে আৰু চৰ অঞ্চলে অঞ্চলে গৈ গৈ যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাক মুখ্যমন্ত্ৰীয়ে অদ্ভূত বুলি অভিহিত কৰে । বিজেপি অসমৰ ৰাইজৰ হৃদয়ে হদয়ে তথা অন্তৰত আছে বুলি কৈ পদযাত্ৰা কৰা ৰাজনৈতিক দলক কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা দীক্ষান্ত সমাৰোহত আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং, কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা তাছা, দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ লগতে কেইবাগৰাকীও আৰক্ষী উচ্চপদস্থ বিষয়া উপস্থিত থাকে ।