Tinsukia News: তিনিচুকীয়াত ১৯ বছৰৰ অনুৰ্ধ ফুটবল প্রতিযোগিতা - Football tournament in Tinsukia
তিনিচুকীয়া, ১৬ জুলাই:অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ তথা অসম চাহ শ্রমিক আদিবাসী কল্যাণ সমিতিৰ যুটীয়া উদ্যোগত দেওবাৰৰ পৰা তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সমষ্টি ভিত্তিত ২০২২-২৩ বৰ্ষৰ মুখ্যমন্ত্রী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্রতিযোগিতা আৰম্ভ হৈছে । তিনিচুকীয়া জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিতে অনুষ্ঠিত হ'বলগীয়া এই মুখ্যমন্ত্রী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্রতিযোগিতাত জিলাখনৰ বিভিন্ন চাহ বাগিচাসমূহৰ পৰা মুঠ ৮১ টা দলে যোগদান কৰিছে ৷
তিনিচুকীয়া জিলাত অনুষ্ঠিত এই মুখ্যমন্ত্রী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি শ্ৰম কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে বন্তি প্ৰজ্বলন কৰে । লগতে চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক অজিত নাৰায়ণ হাজৰিকাই বক্তব্য দাঙি ধৰাৰ পাচতে বিধায়ক ৰূপেশ গোৱালা,সুৰেণ ফুকনে বক্তব্য আগবঢ়ায় । তেওঁলোকে ফুটবল কিক্ আউট কৰি প্ৰতিযোগিতাৰ শুভাৰম্ভণী কৰে ৷ আজিৰ খেলা তিনিচুকীয়া দেউহাল চাহ বাগিছা আৰু চট’ টিংৰাই চাহ বাগিছাৰ মাজত অনুষ্ঠিত হয় ৷
এই অনুষ্ঠানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সভাপতি প্ৰাঞ্জল মোহন, সাধাৰণ সম্পাদক জীৱন বৰুৱা আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক প্ৰদীপ টিমুং, তিনিচুকীয়াৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় পাঠক, অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণো উপস্থিত থাকে ।