অসম

assam

জোনমণিৰ পৰিয়ালক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

ETV Bharat / videos

Junmoni Rabha's brother passes away: জোনমণিৰ পৰিয়ালক সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:18 PM IST

Updated : Oct 18, 2023, 2:23 PM IST

নিউজ ডেস্ক, ১৮ অক্টোবৰ: প্ৰয়াত এছ আই জোনমণি ৰাভাৰ মৃত্যুকাণ্ডৰ চাৰ্জশ্বীট অতি সোনকালে দাখিল কৰিব চিবিআইয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰে এই কথা ৷ তেওঁ লগতে জোনমণিৰ পৰিয়ালক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে ৷ কিন্তু জোনমণিৰ মৃত্যুকাণ্ডৰ তদন্ত চিবিআইয়ে অব্যাহত ৰখাৰ বাবে আৰু এই তদন্ত নিৰপেক্ষ হোৱাৰ বাবে তেওঁ প্ৰত্যক্ষভাৱে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰে ৷ 

উল্লেখ্য যে, প্ৰয়াত জোনমণি ৰাভাৰ ভাতৃ কৰুণা ৰাভাৰ মঙলবাৰে জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগ ভুগি থকা কৰুণা ৰাভা প্ৰায় এমাহ ধৰি জি এম চি এইচত চিকিৎসাধীন হৈ ‌আছিল ৷ কন্যাৰ মৃত্যুৰ পাচত বৃ্দ্ধ মাতৃৰ কণাৰ লাখুটি স্বৰূপ কৰুণা ৰাভাৰ মৃত্যুত নিৰুপায় হৈ পৰিছে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা ৷

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জোনমণিৰ পৰিয়ালক সহায় কৰাৰ কথা উল্লেখ কৰে ৷ অৱশ্যে চিবিআইয়ে প্ৰতিবেদন দাখিল কৰা পৰ্যন্ত কিছু অপেক্ষা কৰাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে ৷ এই সময়চোৱাত পৰিয়ালটোৰ কোনো প্ৰয়োজন হ’লে সহায় কৰাৰ কথা ব্যক্ত কৰে ৷

লগতে পঢ়ক:Junmoni Rabha's brother passes away: একেবাৰেই অকলশৰীয়া হ’ল জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভা

Last Updated : Oct 18, 2023, 2:23 PM IST

ABOUT THE AUTHOR

...view details