অসম

assam

ETV Bharat / videos

Bharat Jodo Yatra : কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রাই আলফাৰ দাবীক স্বীকৃতি দিয়ে : মুখ্যমন্ত্রী - Himanta BIswa Sarma comment on Bharat Jodo Yatra

By

Published : Dec 1, 2022, 5:14 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্রা'ৰ থীমটোকে ভুল আখ্যা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (Congress Bharat Jodo Yatra) । বৃহস্পতিবাৰে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়, "কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রাক লৈ মোৰ অলপো আগ্ৰহ নাই (Himanta BIswa Sarma comment on Bharat Jodo Yatra) ।" ভাৰতখনক লগ কৰাৰ বাবে একো নাই বুলি সদৰী কৰি তেওঁ কয় যে আমি সকলোৱে একেলগে আছোঁ । যদি কোনোবা ৰাজ্যত ভাৰত জোড়ো যাত্রা কৰা হয় তেন্তে সেই ৰাজ্যখনক অপমান কৰা হয় । আমি যেতিয়া ভাৰতৰ লগতে আছোৱেই, তেন্তে লগ লগাবলৈ কি আছে ।' কংগ্ৰেছৰ থীমটো ভুল বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া অসমত ভাৰত জোড়ো যাত্রা কৰা মানে আলফাৰ (ULFA) দাবীটোক স্বীকৃতি দিয়া হয় । অসমখন ভাৰতৰ লগত নাই নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে কংগ্ৰেছে কাক লগ লগাবলৈ ভাৰত জোড়ো যাত্রা কৰিছে ?
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

...view details