অসম

assam

অসমৰ ৰাজনীতি তল-ওপৰ কৰিব পৰা ঘোষণা কৰিব কেজৰিৱালে: আপ

ETV Bharat / videos

Kejriwal to visit Guwahati: অসমৰ ৰাজনীতি তল-ওপৰ কৰিব পৰা ঘোষণা কৰিব কেজৰিৱালে: আপ

By

Published : Mar 31, 2023, 6:57 PM IST

গুৱাহাটী, 31 মাৰ্চ: 2 এপ্ৰিলত গুৱাহাটীলৈ আহিব আপৰ দিল্লী আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত সিং মান ৷ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে আহিব আপৰ দুয়োগৰাকী মুখ্যমন্ত্ৰী ৷ গুৱাহাটীৰ সোণাৰাম খেলপথাৰত এক বিশাল ৰাজহুৱা সভাত ভাগ ল’ব দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ৷ 5 হাজাৰ দলীয় কার্যকতাৰ উপস্থিতিত সভাখনত অংশ ল’ব আপৰ দুয়োগৰাকী শীৰ্ষ নেতাই (Arvind Kejriwal to visit Guwahati) ৷

দিনৰ 12 বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ’ব যদিও ৰাজহুৱা সভাত 1 বজাত উপস্থিত হ’ব নেতা দুগৰাকী আৰু 5 বজাত গুৱাহাটীৰ পৰা উভতি যাব ৷ শুকুৰবাৰে সংবাদমেলযোগে এই কথা সদৰী কৰে আপৰ ৰাজ্যিক নেতৃত্বই ৷ সংবাদমেলত আপৰ নেতা কমল কুমাৰ মেধিয়ে সংবাদমেলত কয়, ‘‘2 এপ্ৰিল অসমৰ ৰাজনীতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন ৷ অসমৰ ৰাজনীতিক সলনি কৰাৰ এটা নতুন প্ৰক্ৰিয়া আৰু নতুন প্ৰচেষ্টা আনুষ্ঠানিকভাৱে 2 এপ্ৰিলৰ পৰা আৰম্ভ হ’ব । অসমৰ ৰাজনীতি তল-ওপৰ কৰিব পৰা বিশেষ ঘোষণা হ’ব সেই দিনটোত ৷ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ’ব (AAP meeting in Guwahati) ৷’’

লগতে পঢ়ক:Dilli ki Yogshala Programme : দিল্লীত বন্ধ বিনামূলীয়া যোগ শ্ৰেণী, মোডী-চাক্সেনাক দোষাৰোপ কেজৰিৰ

ABOUT THE AUTHOR

...view details