অসম

assam

ডিব্ৰুগড়ৰ আলেখিয়া গণেশ মন্দিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat / videos

CM in Dibrugarh: ডিব্ৰুগড়ৰ আলেখিয়া গণেশ মন্দিৰত সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে - আলেখিয়া গণেশ মন্দিৰ

By

Published : Jul 2, 2023, 10:35 PM IST

ডিব্ৰুগড়,2 জুলাই: দুদিনীয়া কাৰ্যসূচী লৈ ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ডিব্ৰুগড়ৰ ২০০ বছৰ পুৰণি আলেখিয়া গণেশ মন্দিৰ পৰিদৰ্শন কৰে ৷ ঐতিহাসিক আলেখিয়া গণেশ মন্দিৰ পৰিদৰ্শন কৰি পূজা-অৰ্চনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 

শনিবাৰে ডিব্ৰুগড় জিলাৰ বিহুৱা-বহুৱতীক প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ ১৪১৮ গৰাকী নাচনি আৰু ঢুলীয়াক আনুষ্ঠানিক সম্বৰ্ধনা জ্ঞাপন কৰিছিল মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পাচতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নামৰূপস্থিত অসম পেট্ৰ’কেমিকেলছ লিমিটেড চমুকৈ এপিএলৰ দৈনিক ৫০০ মেট্ৰিকটন মিথানল উৎপাদনক্ষম বৰ্ধিত প্ৰকল্পৰ মিথানল চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, ভূটান, নেপাললৈ ৰপ্তানিৰ শুভাৰম্ভ কৰে।  

দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ ২০০ বছৰ পুৰণি আলেখিয়া গণেশ মন্দিৰ পৰিদৰ্শন কৰাৰ পূৰ্বে ডিব্ৰুগড় জলসম্পদ বিভাগৰ অতিথিশালাত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰীক এই কাৰ্যসূচীত সহযোগীতা কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈকে ধৰি জিলা প্ৰশাসনৰ বিষয়া সকলে ।

লগতে পঢ়ক:CM on Dighalipukhuri: দীঘলীপুখুৰীক গুজৰাটৰ প্ৰতিষ্ঠানক গতোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details