অসম

assam

By

Published : Dec 25, 2022, 9:59 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / videos

Football Tournament in Dibrugarh: ডিব্ৰুগড়ত ফুটবল খেল চাই ৰে’লেৰে ৰাজধানীলৈ উভতিল মুখ্যমন্ত্ৰী

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হৈ থকা মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা উপভোগ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Football tournament in Dibrugarh) । খেল উপভোগ কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ পুৰণি ৰে'লৱে ষ্টেচনৰ পৰা ৰাজধানী এক্সপ্ৰেছত গুৱাহাটীলৈ ৰাওনা হয় । ‘‘নিশা হ'ল গতিকে বেলেগত যাত্ৰা কৰিব নোৱাৰি, সেয়ে ৰে'লতে যাম’’ বুলি সংবাদ মাধ্যমত উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM travelled by train) । মুখ্যমন্ত্ৰীগৰাকীৰ ৰে'ল যাত্ৰাৰ সহযাত্ৰী আছিল ডিব্ৰুগড়ৰ অভিভাৱক তথা গ্ৰামোন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসেও । ইফালে শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে খেলপথাৰতে এগৰাকী অসহায় বৃদ্ধাক পুত্ৰৰ চিকিৎসাৰ বাবে জৰুৰীভাৱে ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে (CM helps helpless old woman) ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details