ভাৰতৰ ৰাজধানী পাঁচটা স্থানত হোৱাটো বিচাৰে হিমন্ত বিশ্ব শৰ্মাই - অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী
ভাৰতৰ ৰাজধানী দেশৰ পাঁচটা মণ্ডলত হ’ব লাগে ৷ কেৱল দিল্লীত হোৱাৰ বাবে দিল্লীৰ উন্নতি হৈছে ৷ দিল্লীৰ উন্নত অৱস্থাৰ ক্ষেত্ৰত দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ অৱদান আছে ৷ গুৱাহাটীক দেশৰ ৰাজধানী কৰি 10 বছৰৰ পাছত দিল্লীক অসমৰ সৈতে তুলনা কৰক ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa sarma on India capital)৷ শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা কৃতিত্বকেন্দ্ৰিক যুঁজখনৰ মাজতে সোমবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত ঠিক টুইটাৰত অব্যাহত থকা যুঁজখনৰ মন্তব্যৰ পুনৰাবৃতি কৰে (Tweet war between Assam and Delhi CM)৷ অৰবিন্দ কেজৰিৱালক পুনৰ কটাক্ষ কৰি তেও কয় যে, দিল্লীৰ ইমান বেয়া দিন আহিল নে যে অসমৰ লগত তুলনা কৰিবলগীয়া হ’ল ! দিল্লীৰ তুলনা নিউয়ৰ্ক, টকিঅ’, লণ্ডণ আদিৰ দৰে চহৰৰ সৈতে কৰাৰ আহ্বান জনায় মুখ্যন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma of Kejriwal) ৷
Last Updated : Feb 3, 2023, 8:27 PM IST