Bodoland university controversy: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক পদত্যাগ কৰি গুচি যোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ - বড়োলেণ্ড বিশ্ববিদ্যালয়
Published : Oct 11, 2023, 7:48 PM IST
কোকৰাঝাৰ, ১১ অক্টোবৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙৰ বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে কোকৰাঝাৰত সাংবাদিকৰ এক প্ৰশ্নত্তোৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যৰ সময়ত বিশ্ববিদ্যালয়খনৰ পৰিৱেশ বহু বেয়া হৈছে ৷ উপাচাৰ্যৰ কাম কাজত ময়ো সন্তুষ্ট নহয় ৷ তেওঁক মই পৰামৰ্শ দিছো পদত্যাগ কৰি গুচি যাঁওক ৷ শিক্ষামন্ত্ৰীয়ে তেওঁক কৈছে পদত্যাগ কৰিব লাগে ৷ কিন্তু উপাচাৰ্যজন আকোঁৰগোজ ৷ অলপো সন্মান থকা মানুহ হ’লে উপচাৰ্যজনে পদত্যাগ কৰি গুচি গ’লহেতেন ৷"
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, উপাচাৰ্যজনক ছাত্ৰ-ছাত্ৰীয়ে ভাল নাপায় ৷ আনকি ৰাইজেও তেওঁক ভাল নাপায় ৷ ইমানৰ পিছতো তেওঁহে জানে তেওঁ কিহৰ কাৰণে আছে ৷ এতিয়া আইনৰ গণ্ডীৰ মাজেৰে বিশ্ববিদ্যালয়ৰ উপচাৰ্যজনক কি ধৰণে বিদায় দিব পৰা যায় সেই বিষয়ে চাই থকা হৈছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ৷
লগতে পঢ়ক:APCC joining program: প্ৰবীণ বড়ো-প্ৰণয় ৰাভাসহ কেইবাগৰাকীও প্ৰভাৱশালী নেতাৰ কংগ্ৰেছত যোগদান