অসম

assam

নলবাৰীত প্ৰথমখন উৰণ সেঁতু মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে

ETV Bharat / videos

CM in Nalbari: নলবাৰীত কেবাটাও প্ৰকল্প মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - উৰণ সেঁতু

By

Published : Jul 3, 2023, 2:29 PM IST

নলবাৰী, 3 জুলাই: কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপনৰ উদ্দেশ্যৰে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী  ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নলবাৰীৰ গৰ্ডন খেল পথাৰত জল জীৱন সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷  

উল্লেখযোগ্য যে, সোমবাৰে নলবাৰীত উপস্থিত হৈ চহৰৰ প্ৰথমখন উৰণ সেঁতু মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে আনুষ্ঠানিকভাৱে নলবাৰী মেডিকেল কলেজলৈ এ এছ টি চিৰ চিটি বাছ সেৱা মুকলি কৰে  মুখ্যমন্ত্ৰীজনে ৷ এই অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে পোনে পোনে সোণপুৰ স্থিত নৱ নিৰ্মিত নলবাৰী জিলা বিজেপি কাৰ্যালয়টো শুভ উদ্বোধন কৰে ৷

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰীৰ গৰ্ডন খেলপথাৰত আয়োজিত জল জীৱন সন্মিলনত উপস্থিত হয় ৷এই অনুষ্ঠানৰ পৰাই মুখ্যমন্ত্ৰী গৰাকীয়ে নলবাৰী জিলাৰ কেবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ উল্লেখযোগ্য যে,  সোমবাৰে দিনযোৰা কাৰ্য্যসূচীৰে নলবাৰীত অতিবাহিত কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা নলবাৰীৰ প্ৰথমখন উৰণ সেঁতু প্ৰজ্ঞা সেঁতু নামেৰে নামাকৰণ কৰা হৈছে ৷

লগতে পঢ়ক:Minister Jayanta Malla Baruah: ৰাইজৰ আবেগ-অনুভূতি থকা দীঘলীপুখুৰীক কোনো বহিৰাগত প্ৰতিষ্ঠানক দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে; জয়ন্ত মল্ল বৰুৱা

ABOUT THE AUTHOR

...view details