মাদ্ৰাছাসমূহক লৈ কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM Himanta Biswa Sarma reaction on madrassa
"মাদ্ৰাছা উচ্ছেদ কৰাটো ৰাজ্য চৰকাৰৰ লক্ষ্য নহয় ৷ আমাৰ এটাই লক্ষ্য যে মাদ্ৰাছাক জেহাদীয়ে যাতে ব্যৱহাৰ কৰিব নোৱাৰে(CM Himanta Biswa Sarma reaction on jihadi)৷ এতিয়াৰ পৰা কোনো মাদ্ৰাছাত জেহাদী কাৰ্যকলাপ অথবা ভাৰত বিৰোধী কোনো কামৰ যদি উমান পাওঁ তেনেহ’লে ইয়াৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা লম ৷" বৃহস্পতিবাৰে ৰাজ্যজুৰি জেহাদীৰ কাৰ্যকলাপ আৰু মাদ্ৰাছাসমূহক উচ্ছেদ কৰাৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma reaction on madrassa) ৷ লগতে তেওঁ কয় যে জেহাদীৰ কাৰ্যকলাপ নথকা তথা জেহাদী ভাৱধাৰাত পৰিচালিত নোহোৱা মাদ্ৰাছা উচ্ছেদ কৰা নহয় ৷ যদি জেহাদীৰ সংস্পৰ্শ থকাৰ নিৰ্দি্দষ্ট তথ্য পোৱা যায় তেন্তে তেনে মাদ্ৰাছাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আনহাতে ৰাজধানীৰ বৈভৱ সন্দৰ্ভত তেওঁ কয় যে ৰাজধানী থকা ৰাজ্যই বাকী ৰাজ্যৰ লগত তুলনা কৰিব নাপায় । তুলনা কৰিব বিচাৰিলে ৰাজধানীখন অসমত পাতি দিয়ক তেতিয়া আমিও তুলনা কৰিম ৷
Last Updated : Feb 3, 2023, 8:27 PM IST