Protest in Moran : মৰাণৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিকৃতি - যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
ডিব্ৰুগড়, 7 আগষ্ট : ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক ৷
সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীৰ মাজত ৷ কিন্তু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে পুনৰ নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে ৷ ইয়াৰ পাছতে মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে মৰাণ নগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰাণ আঞ্চলিক সমিতিয়ে ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদী সংগঠন দুটাই ৷
সংগঠন দুটাই অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় চৰকাৰক ৷ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰক তীব্ৰ সমালোচনা কৰে কৃষক মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দেৱজিৎ বৰুৱাই ৷ তদুপৰি মৰাণ নগৰত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত লোৱা পাৰ্কিং মাচুল এসপ্তাহৰ ভিতৰত বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে তেওঁ ৷
লগতে পঢ়ক :Public Protest in Amguri:ৰে’ল বিভাগৰ বিৰুদ্ধে KMSS ৰ প্ৰতিবাদত উত্তাল আমগুৰি