Majuli ferry Services: অনিৰ্দিষ্টত কাললৈ বন্ধ মাজুলী-নিমাটি ফেৰী সেৱা - Majuli Flood News
মাজুলী, 8 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে বিভিন্ন নৈৰ জলস্তৰ ৷ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ ফলত নদী দ্বীপ মাজুলীৰ বহিঃজিলাৰ সৈতে যোগাযোগ ব্যাহত হৈছে ৷ বিশেষকৈ ব্যাহত হৈছে যোৰহাট-মাজুলীৰ যোগাযোগ ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কমলাবাৰী-নিমাতীত ফেৰী ৰাখোৱা ৰেম্পসমূহত ফেৰী ৰখাবলৈ অসুবিধাৰ সৃষ্টি হৈছে ৷ সেয়ে মঙলবাৰে অৰ্থাৎ আজিৰ দিনটো কমলাবাৰী আৰু নিমাতীৰ মাজত কোনো ধৰণৰ যাত্ৰীবাহী ফেৰী চলাচল নহয় ।
যদি ব্ৰহ্মপুত্ৰ জলস্তৰ হ্ৰাস পালেহে কাইলৈ পৰা পুনৰ ফেৰী চলাচল হ’ব বুলি জানিবলৈ দিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীয়ে । ইফালে পুৱাৰ ভাগতে ফেৰীৰে পাৰ হ’বলৈ অহা যাত্ৰীসকল ঘৰলৈ উভতি যাবলগীয়া হয় ৷ মাজুলী-নিমাটিৰ মাজত চলাচল কৰা ফেৰী সেৱা বন্ধ কৰি দিয়াৰ লগে লগেই গৃহ বন্দী হৈ পৰে মাজুলীৰ জনতা । ইফালে অফলামুখ ঘাটৰ ফেৰী সেৱা মুকলি হৈ আছে যদিও ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্তত বন্ধ হ’ব পাৰে ৷
লগতে পঢ়ক:Passenger ferry stuck in Brahmaputra: ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ নিমাতী-মাজুলী যাত্ৰীবাহী ফেৰী