অসম

assam

হাতীগাঁৱৰ পৰা নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ

By

Published : Aug 12, 2023, 1:56 PM IST

ETV Bharat / videos

Student missing in Guwahati: হাতীগাঁৱৰ পৰা নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ

গুৱাহাটী,১২ আগষ্ট:দুদিন পুৰ্বে বৰসজাইৰ মহৰ্ষি বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নিতেশ কুমাৰৰ নিৰুদ্দেশ হোৱাৰ পাছতে হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতে পুনৰ মহানগৰীত সংঘটিত হৈছে আন এক নিৰুদ্দেশৰ ঘটনা । এইবাৰ মহানগৰী হাতীগাঁৱৰ পৰা নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৷

নিৰুদ্দেশ হোৱা ছাত্ৰজন ১৪ বছৰীয়া শ্বফিকুল ইছলাম বুলি জানিব পৰা গৈছে । দুৰ্ভগীয়া পিতৃৰ সৈতে নগাঁৱৰ পৰা চকুৰ চিকিৎসা কৰিবলৈ মহানগৰীলৈ আহিছিল ছাত্ৰজন । তাৰপিছতে যোৱা ৩ আগষ্টত কিছুসময়ৰ বাবে পুত্ৰক হাতীগাঁও চাৰিআলিত বহাই পিতৃয়ে কিছু কামৰ বাবে ওলাই যায় । পিতৃয়ে উভতি আহি পুত্ৰক সেই স্থানত নেদেখি বহুতো বিচাৰ-খোচাৰ কৰে যদিও আজিলৈ কোনো সম্ভেদ পাবলৈ সক্ষম হোৱা নাই ।  

ইয়াৰ পিছতে আজি নিৰুদ্দেশ হোৱা পুত্ৰক বিচাৰি কান্দোনত ভাগি পৰিছে দুৰ্ভগীয়া পিতৃ । পুত্ৰৰ ফটো বুকুত বান্ধি ইতিমধ্যে পিতৃ কাষ চাপিছে হাতীগাঁও আৰক্ষী থানাৰ । পিছে বৰ্তমানো সন্ধানহীন ছাত্ৰজনৰ সন্ধান উলিয়াব পৰা নাই মহানগৰ আৰক্ষীয়ে । এই সন্দৰ্ভত হাতীগাঁও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ দুৰ্ভগীয়া পিতৃৰ । কোনো লোকে ছাত্ৰজনৰ সন্ধান লাভ কৰিলে 9387433961 নম্বৰত পিতৃ আব্দুল বাৰেকক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে । 

লগতে পঢ়ক:Distribution of land pattas in Majuli: মাজুলীত ভূমিহীনক ভূমি পট্টা প্ৰদান

ABOUT THE AUTHOR

...view details