অসম

assam

By

Published : Dec 28, 2022, 5:16 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / videos

Student Suicide at Kalgachia: কলগাছিয়াত পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ আত্মহত্যা

বৰপেটাৰ কলগাছিয়াত এগৰাকী পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে (Student Suicide at Kalgachia)৷ কলগাছিয়া আৰক্ষী থানাৰ(Kalgachia police student) অন্তৰ্গত বালিকুৰি আৰক্ষী চকীৰ বালিকুৰি এন চি গাঁৱত ১১ বছৰীয়া কিশোৰগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে ৷ বালিকুৰি এন চি গাঁৱৰ আকবৰ আলীৰ ১১ বছৰীয়া পুত্ৰ তথা পঞ্চম শ্ৰেণীৰ ছাত্ৰ জেহেৰুল ইছলামে মঙলবাৰে সন্ধিয়া নিজ বাসগৃহতে আত্মহত্যা কৰে ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে কিশোৰগৰাকীক চিপ লৈ থকা দেখা পায় (Class five student suicide at Kalgachia)৷ নিশাৰ ভাগলৈ ঘটনাস্থলীত কলগাছিয়া আৰু বালিকুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ বালিকুৰি আৰক্ষী চকীলৈ নি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি কিশোৰগৰাকী মানসিক ভাৰসাম্যহীন আছিল ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

...view details