অসম

assam

দুই গোটৰ সংঘাতত উত্তপ্ত নগৰবেৰা

ETV Bharat / videos

Clash between two groups : প্ৰথমে দুখন বাইকৰ মাজত প্ৰতিযোগিতা, পিচত প্ৰচণ্ড মাৰপিট - প্ৰচণ্ড মাৰপিট

By

Published : Jun 29, 2023, 10:43 PM IST

বকো, 29 জুন : আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে পবিত্ৰ ঈদ-উজ-জোহা ৷ পবিত্ৰ ঈদৰ দিনটোতে বকোৰ নগৰবেৰাৰ কল্যাণপুৰত দুই পক্ষৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ জানিব পৰামতে  প্ৰথমে নিচাসক্ত দুই বাইক চালকৰ মাজত তুমুল প্ৰতিযোগিতা হয় আৰু অত্যাধিক হৰ্ণ বজোৱাৰ পাচতো এখনে আনখনক বাট এৰি নিদিয়াৰ বাবেই পাচলৈ দুই পক্ষৰ মাজত সংঘটিত হয় কুৰুক্ষেত্ৰৰ সদৃশ ৰণ ৷ এই মাৰপিটৰ ঘটনাত উভয় পক্ষৰ তিনিজনকৈ যুৱক আহত হয় ।

এই ঘটনাৰ পিচতে অঞ্চলটোত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু ঘটনাস্থলীত বহু মানুহৰ সমাগম হয় ৷ অৱশেষত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় নগৰবেৰা আৰক্ষীৰ এটা দল। 

আৰক্ষীৰ বাহনৰ উপৰ্যুপৰি বজোৱা চাইৰেণৰ শব্দ পাই ছত্ৰভংগ দিয়ে ঘটনাস্থলীত সমাগম ঘটা ৰাইজে ৷ ইতিমধ্যে মাৰপিটত গুৰুতৰভাৱে আহত হোৱা বিদ্যানগৰৰ আব্দুল্লা মণ্ডল, আব্দুল মান্নান মণ্ডল আৰু কল্যাণপুৰৰ ইমদাদুল হক নামৰ তিনি যুৱকক আৰক্ষীয়ে থানালৈ লৈ যায় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে তিনিওৰে চিকিৎসাৰ দিহা কৰে।

লগতে পঢ়ক:Ghagrapar incident: ঘগ্ৰাপাৰকাণ্ডৰ ভুক্তভোগীক ন্যায় প্ৰদানৰ আশ্বাস এছ পি সুধাকৰ সিঙৰ

ABOUT THE AUTHOR

...view details