Clash between husband and wife: স্বামী-স্ত্ৰীৰ অভিযোগ প্ৰতি অভিযোগ, কাৰ অভিযোগ সঁচা ?
Published : Sep 13, 2023, 5:59 PM IST
যোৰহাট, 13 ছেপ্টেম্বৰ : গোলাঘাট জিলাৰদেৰগাঁও জেলেহুৱা গাঁৱৰ এক দম্পতীৰ মাজত পাৰিবাৰিক সংঘাতৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিচতেই এতিয়া অঞ্চলটোত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে জেলেহুৱা গাঁৱৰ ৰূপজোতি হাজৰিকা নামৰ যুৱকজন দেৰগাঁৱৰ ১১ নং বেটেলিয়ানত কৰ্মৰত। যুৱকেজনে নগাঁৱৰ যমুনামুখৰ এগৰাকী যুৱতীৰ সৈতে ফেচবুকৰ জৰিয়তে চিনাকি হৈ বিবাহপাশত আৱদ্ধ হৈছিল ৷
কিন্তু হঠাৎ পত্নীয়ে দেৰগাঁও আৰক্ষীৰ সহায়ত তেওঁক যৌতুক বিচাৰি দীৰ্ঘদিনে নিৰ্যাতন চলাই অহা বুলি স্বামী পৰিয়ালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপিত কৰি স্বামী ঘৰত নথকাৰ সুযোগতে মাতৃৰ ঘৰলৈ গুচি যায়।
ইয়াৰ পিচতে বুধবাৰে সংবাদ মাধ্যমৰ যোগেদি স্বামীৰ পৰিয়ালে পত্নীয়ে কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি জানিবলৈ দিয়ে। পত্নীয়েহে তেওঁৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলি কয় স্বামীয়ে । আৰক্ষী জোৱানজনৰ দেহৰ বিভিন্ন ঠাইত আঘাত স্পষ্ট ৰূপত প্ৰতিফলিত হৈছিল ৷
ইফালে যুৱতীগৰাকীয়ে স্বামীৰ মাতৃয়ে তেওঁক মাৰিবলৈ চেষ্টা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ তাৰ পিচতে যুৱতীগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰোৱা হয় যদিও ৰিপোৰ্টত কোনোধৰণৰ তেনেকুৱা ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ অহা নাই ৷
এতিয়া এই অভিযোগ প্ৰতি-অভিযোগত কোন সত্য সেয়া সময়তহে পোহৰলৈ আহিব ৷
লগতে পঢ়ক:Shooting in US: চাঞ্চল্যকৰ ! ছাত্ৰৰ গুলীত মৃত্যু আন এজন ছাত্ৰৰ