Junmoni Rabha death case: মৰিকলং আৰক্ষীৰ ভাষ্য গ্ৰহণ চি আই ডিৰ - জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা
নগাঁও, 18 মে’:নগাঁৱত চি আই ডিয়ে অনুসন্ধান চলাইছে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ৷ যোৱা সোমবাৰে নিশা কলিয়াবৰৰ সৰুভগীয়াত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল জোনমণি ৰাভাৰ ৷ কিন্তু জোনমণিৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিচতেই ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে ৷ প্ৰায় সংখ্যকেই সন্দেহ প্ৰকাশ কৰিছে যে এয়া স্বাভাৱিক দুৰ্ঘটনা নহয় ৷ ইয়াৰ আঁৰত গভীৰ ৰহস্য লুকাই থকাৰ সন্দেহ কৰিছে বিভিন্ন মহলে (Junmoni Rabha death case) ৷
বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পাচতে মঙলবাৰে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে চি আই ডিক দায়িত্ব অৰ্পন কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ সেই অনুসৰি বুধবাৰে নগাঁৱত উপস্থিত হয় চি আই ডিৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত এটা তদন্তকাৰী দল ৷ বিয়লি ভাগত সৰুভগীয়াৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ পাচতে নগাঁও সদৰলৈ আহে দলটো (CID probe into Junmoni Rabha death) ৷
বৃহস্পতিবাৰে ভাগে ভাগে দলটোৱে সোধা-পোচা কৰে মৰিকলং আৰক্ষী চকীত কৰ্মৰত আৰক্ষীৰ লোকসকলৰ লগতে হয়বৰগাঁও আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক ৷ জোনমণি ৰাভাৰ মৃত্যুৰ পিচত মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব লাভ কৰা মনোজ বৰুৱাৰো ভাষ্য গ্ৰহণ কৰিছে চি আই ডিয়ে । সংবাদ মাধ্যমৰ আগত বৰুৱাই জনোৱা মতে, সোমবাৰে দিনটো আৰক্ষী চকীলৈ অহা নাছিল জোনমণি ৰাভা । চি আই ডিৰ তদন্তত কি ওলায় সেয়া লক্ষণীয় হ’ব (Junmoni Rabha mysterious death) ৷
লগতে পঢ়ক:Mysterious death of SI Junmoni Rabha:দ্বিতীয় দিনাও জোনমণি ৰাভাৰ মৃত্যুৰ অনুসন্ধান অব্যাহত চি আই ডিৰ