Anganwadi centre at Dhekiajuli: ঢেকিয়াজুলিৰ এটা অংগনৱাড়ী কেন্দ্ৰৰ দুৰৱস্থা - সমাজ কল্যাণ বিভাগ
ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত জংঘলবস্তীস্থিত খৃষ্টানবস্তিৰ ১৫ নং অংগনৱাড়ী কেন্দ্ৰটিত কণ কণ শিশুসকলে বিভিন্ন সমস্যাৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে(Anganwadi centre at Dhekiajuli) । সমাজ কল্যাণ বিভাগে(Social Welfare Department) খৃষ্টানবস্তিৰ অংগনবাড়ী কেন্দ্ৰটিত গৃহ নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া মুকলি আকাশৰ তলতে কৰ্মীগৰাকীয়ে কণ কণ শিশুসকলক পাঠদান কৰিবলগীয়া হৈছে । যি সময়ত ৰাজ্য চৰকাৰ তথা বিয়াগোম সমাজ কল্যাণ বিভাগে ব্যয়বহুল খৰচেৰে ৰাজ্যৰ বিভিন্ন স্থানত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ(Model Anganwadi centre) স্থাপন কৰিছে ঠিক তেনে সময়ত এটি গৃহৰ অভাৱত মুকলি আকাশৰ তলতে চলি আহিছে খৃষ্টানবস্তি ১৫ নং অংগনৱাড়ী কেন্দ্ৰটি । কেন্দ্ৰটিত এটি পকী গৃহ নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST